কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ সম্প্ৰদায়ক জল পৰিবহণ খণ্ডৰ কৌশল আহৰণ কৰিবলৈ আহ্বান জনাইছে। আজি গুৱাহাটীত বন্দৰ আৰু নদী পৰিবহণ খণ্ডৰ কাম-কাজৰ এখন পর্যালোচনা সভাত অংশগ্ৰহণ কৰি শ্ৰী সোণোৱালে কয়, যে গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰতে এটা লাইট হাউছ নিৰ্মাণ কৰা হ’ব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীক নৌ পৰিবহণ আৰু নৌ ব্যৱসায়ৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ চৰকাৰে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব।
Site Admin | May 19, 2025 7:49 PM | Akashvani | Akashvani News | Sarbanada sonowal | sarbananda cabinet minister
অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ সম্প্ৰদায়ক জল পৰিবহণ খণ্ডৰ কৌশল আহৰণ কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান
