May 19, 2025 7:49 PM

views 47

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ সম্প্ৰদায়ক জল পৰিবহণ খণ্ডৰ কৌশল আহৰণ কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ সম্প্ৰদায়ক জল পৰিবহণ খণ্ডৰ কৌশল আহৰণ কৰিবলৈ আহ্বান জনাইছে। আজি গুৱাহাটীত বন্দৰ আৰু নদী পৰিবহণ খণ্ডৰ কাম-কাজৰ এখন পর্যালোচনা সভাত অংশগ্ৰহণ কৰি শ্ৰী সোণোৱালে কয়, যে গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰতে এটা লাইট হাউছ নিৰ্মাণ কৰা হ'ব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীক নৌ পৰিবহণ আৰু নৌ ব্যৱসায়ৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ চৰকাৰে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব।

September 6, 2024 6:38 PM

views 53

ডিব্ৰুগড়ত ‘মুখ্যমন্ত্ৰীৰ সচিবালয়’ মুকলিঃ অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰীসহ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অন্যান্য মন্ত্রী-বিধায়ক

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় মুকলি কৰে। উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যৰ কেইবাগৰাকীও মন্ত্রী-বিধায়ক উপস্থিত থাকে। এই সচিবালয়ে উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, মাজুলী, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰায় ৭৯ লাখ লোকৰ সৈতে প্ৰশাসনৰ সংযোগ বৃদ্ধি কৰিব আৰু ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনি তথা প্ৰকল্পৰ ধাৰাবাহিক নিৰীক্ষণ আৰু স্থানীয় উন্নয়ন ত্বৰান্বিত ক...

July 20, 2024 7:38 PM

views 30

ডিব্ৰুগড় জিলাৰ চাবুৱা পৌৰসভাৰ পদেন সদস্য হিচাপে দায়িত্ব গ্ৰহণ সর্বানন্দ সোণোৱালৰ

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় জিলাৰ চাবুৱা পৌৰসভাৰ পদেন সদস্য হিচাপে দায়িত্ব গ্ৰহণ কৰে। দায়িত্ব গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে পৌৰসভাৰ অন্তৰ্গত এলেকাৰ উন্নয়ন সন্দৰ্ভত আঁচনি প্ৰস্তুত কৰিবলৈ দায়বদ্ধ বুলি উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত মন্তব্য কৰি কয় যে, অসমৰ নদীপৃষ্ঠসমূহৰ বহনক্ষমতা ক্ৰমাৎ কমি আহিছে। এই ক্ষমতা বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে চিন্তা চৰ্চা অব্যাহত ৰাখিছে বুলি মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে৷ কেন্দ্ৰীয় বন্দৰ, জাহাজ, জলপথ পৰিবহন বিভাগৰ ...

June 11, 2024 9:10 PM

views 33

বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্র্যালয়ে সামুদ্রিক অমৃত কাল ভিজন ২০৪৭ত সামুদ্রিক খণ্ডক শক্তিশালী কৰাৰ বাবে কাম কৰি যাবঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে, বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্র্যালয়ে সামুদ্রিক অমৃত কাল ভিজন ২০৪৭ত কল্পনা কৰা সামগ্রিক বিকাশৰ দিশত সামুদ্রিক খণ্ডক শক্তিশালী কৰাৰ বাবে কাম কৰি যাব। কালি নতুন দিল্লীত বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰ্যালয়ৰ কাৰ্যভাৰ গ্ৰহণ কৰি শ্ৰী সোণোৱালে তেওঁৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলক সম্বোধন কৰি এইদৰে প্ৰকাশ কৰে। তেওঁ লগতে বিকশিত ভাৰতৰ লক্ষ্য পূৰণৰ দিশত দেশৰ প্ৰতি সেৱা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰি তেওঁৰ দলটোক ভাল কাম কৰাৰ পৰম্পৰা অব্যাহত ৰাখিব...