ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 12, 2024 8:42 AM | Assam Government | MoU

printer

অসম চৰকাৰ আৰু কেন্দ্ৰীয় সামর্থ্যবর্ধন আয়োগ আৰু কৰ্মযোগী ভাৰতৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ

অসম চৰকাৰ আৰু কেন্দ্ৰীয় সামর্থ্যবর্ধন আয়োগ অর্থাৎ চি বি চি আৰু কৰ্মযোগী ভাৰত অৰ্থাৎ এছ পি ভিৰ মাজত কালি এখন ত্রিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। ৰাজ্যখনৰ অসামৰিক সেৱাৰ বিষয়াসকলৰ সামৰ্থবৰ্ধনৰ লক্ষ্যৰে এই চুক্তি স্বাক্ষৰ কৰা হৈছে। এই ত্রিপাক্ষিক চুক্তিৰ অধীনত অসমৰ অসামৰিক সেৱাৰ বিষয়াসকলক নীতি-নিৰ্দেশনামূলক ভূমিকাৰ পৰিৱৰ্তে কৰ্ম নিৰ্ধাৰকৰ ভূমিকা লোৱা আৰু তথ্য প্ৰযুক্তিৰ ব্যৱহাৰেৰে কৰ্ম দক্ষতা বৃদ্ধিৰ প্ৰয়াস চলোৱা হ’ব।

অসম চৰকাৰৰ হৈ মুখ্য সচিব ড০ ৰবি কোটা আৰু কৰ্মযোগী ভাৰতৰ মুখ্য কাৰ্যবাহী বিষয়া তথা সচিব ভি ললিতা লক্ষ্মীয়ে এই চুক্তিত স্বাক্ষৰ কৰে।