September 15, 2025 8:43 PM

views 25

ব্যক্তিগত কোম্পানীৰে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে আজি দেশৰ ষ্টাৰ্ট আপ খণ্ডৰ বিকাশৰ বাবে এটা ব্যক্তিগত কোম্পানীৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। বিশেষকৈ বিত্তীয় সেৱাত নতুন প্রযুক্তি আৰু আন উদ্ভাসিত প্ৰযুক্তিখণ্ডত ষ্টার্টআপৰ পৰিবেশ গঢ়ি তোলাৰ বাবে এই চুক্তি স্বাক্ষৰ কৰা হৈছে।

June 20, 2025 11:58 AM

views 47

ব্ৰহ্মপুত্ৰ বোৰ্ড আৰু ভাৰতীয় জৰীপ বিভাগৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ

ৰাজ্যৰ বান আৰু খহনীয়া সমস্যা ৰোধ কৰাৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰ বোৰ্ড আৰু ভাৰতীয় জৰীপ বিভাগে কালি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। ব্ৰহ্মপুত্ৰ বোৰ্ডৰ মহা প্ৰৱন্ধক অভয় কুমাৰ আৰু ভাৰতীয় জৰীপ বিভাগৰ পূব সংমণ্ডলৰ অতিৰিক্ত মহা পৰিমাপক ড° মোহন কুমাৰ ষ্টেলিনে ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ অধ্যক্ষ ড° ৰণবীৰ সিঙৰ উপস্থিতিত এই চুক্তিত স্বাক্ষৰ কৰে। ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ অৱবাহিকা অঞ্চলৰ জৰীপ কাৰ্য আৰু ভুস্থানিক সামৰ্থ বৃদ্ধিৰ বাবে সহযোগিতা অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে স্বাক্ষৰিত চুক্তিখন ৫ বছৰৰ বাবে প্ৰযোজ্য হ'ব। ...

December 12, 2024 8:34 PM

views 42

হকী ইণ্ডিয়া লীগৰ পোনপটীয়া প্ৰচাৰৰ বাবে প্ৰচাৰ ভাৰতীৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

প্ৰচাৰ ভাৰতীয়ে আজি নতুন দিল্লীত হকী ইণ্ডিয়াৰ নেতৃবৰ্গৰ সৈতে সমাগত হকী ইণ্ডিয়া লীগৰ পোনপটীয়া প্ৰচাৰৰ বাবে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই চুক্তিৰ জৰিয়তে হকী ইণ্ডিয়া লীগক ২০২৪-২৫ৰ পোনপটীয়া প্ৰচাৰৰ বাবে দূৰদৰ্শন অংশীদাৰ কৰা হৈছে। চলিত মাহৰ ২৮ তাৰিখৰ পৰা এই লীগ খেলসমূহ ৰুৰকেলা, ওড়িশা, ৰাঁছী আৰু ঝাৰখণ্ডত অনুষ্ঠিত হ'ব। চুক্তিৰ স্বাক্ষৰৰ পাছত হকী ইণ্ডিয়া লীগৰ গৱৰ্নিং কমিটিৰ সদস্য ভোলানাথ সিঙে কয়, যে হকী কেৱল এবিধ খেলেই নহয় এই খেল দেশৰ একতা আৰু গৌৰৱৰ প্ৰতীক। তেওঁ লগতে কয়, যে দূৰদৰ্শ...

November 12, 2024 8:42 AM

views 41

অসম চৰকাৰ আৰু কেন্দ্ৰীয় সামর্থ্যবর্ধন আয়োগ আৰু কৰ্মযোগী ভাৰতৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ

অসম চৰকাৰ আৰু কেন্দ্ৰীয় সামর্থ্যবর্ধন আয়োগ অর্থাৎ চি বি চি আৰু কৰ্মযোগী ভাৰত অৰ্থাৎ এছ পি ভিৰ মাজত কালি এখন ত্রিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। ৰাজ্যখনৰ অসামৰিক সেৱাৰ বিষয়াসকলৰ সামৰ্থবৰ্ধনৰ লক্ষ্যৰে এই চুক্তি স্বাক্ষৰ কৰা হৈছে। এই ত্রিপাক্ষিক চুক্তিৰ অধীনত অসমৰ অসামৰিক সেৱাৰ বিষয়াসকলক নীতি-নিৰ্দেশনামূলক ভূমিকাৰ পৰিৱৰ্তে কৰ্ম নিৰ্ধাৰকৰ ভূমিকা লোৱা আৰু তথ্য প্ৰযুক্তিৰ ব্যৱহাৰেৰে কৰ্ম দক্ষতা বৃদ্ধিৰ প্ৰয়াস চলোৱা হ'ব। অসম চৰকাৰৰ হৈ মুখ্য সচিব ড০ ৰবি কোটা আৰু কৰ্মযোগী ভাৰতৰ মুখ্য কাৰ্যব...

September 4, 2024 7:20 PM

views 38

ত্ৰিপুৰা চৰকাৰ, এন এল এফ টি আৰুএ টি টি এফৰ মাজত চুক্তি স্বাক্ষৰ

নতুন দিল্লীত আজি ত্ৰিপুৰা চৰকাৰ, নেচনেল লিবাৰেচন ফ্ৰণ্ট অব্ ত্ৰিপুৰা, এন এল এফ টি আৰু অল ত্ৰিপুৰা টাইগাৰ ফ'ৰ্চ - এ টি টি এফৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়। চুক্তি স্বাক্ষৰৰ সময়ত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, ত্ৰিপুৰাৰ মুখ্যমন্ত্রী মাণিক সাহা, গৃহ মন্ত্ৰ্যালয় আৰু ত্ৰিপুৰা চৰকাৰৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে । অনুষ্ঠানত দিয়া ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এন এল এফ টি আৰু এ টি টি এফৰ দৰে সংগঠনে অস্ত্ৰ সম্বৰণ কৰি মূল সুঁতিলৈ ঘূৰি অহাৰ লগতে ৰাজ্যখনৰ উন্নয়নৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হোৱাটো ...

August 16, 2024 8:11 PM

views 34

ৰাজহুৱা সম্প্ৰচাৰ সংস্থা প্ৰসাৰ ভাৰতী আৰু সংসদ টি ভিৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ

ৰাজহুৱা সম্প্ৰচাৰ সংস্থা প্ৰসাৰ ভাৰতী আৰু সংসদ টি ভিৰ মাজত আজি সংসদত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। সংসদ টি ভিৰ মুখ্য কাৰ্যবাহী বিষয়া ৰজিত পুনহানি আৰু প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদী তথা দুয়োটা সংস্থাৰ জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ জৰিয়তে উভয় পক্ষৰ মাজত সমল বিনিময়, কৰ্মচাৰী প্ৰশিক্ষণ আৰু পৰস্পৰৰ অনুষ্ঠান প্ৰচাৰকে ধৰি কেইবাটাও দিশত সন্মতি প্ৰদান কৰা হয় ৷

May 10, 2024 7:57 PM

views 40

ভাৰত আৰু মলদোভাৰ কূটনৈতিক আৰু চৰকাৰী পাছপৰ্টৰ ভিছা ৰেহাইৰ চুক্তিত স্বাক্ষৰ

ভাৰত আৰু মলদোভাই আজি নতুন দিল্লীত কূটনৈতিক আৰু চৰকাৰী পাছপহৰ্টৰ ভিছা ৰেহাইৰ চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিৰ জৰিয়তে ভিছা অবিহনে যিকোনো এখন দেশৰ কূটনৈতিক আৰু চৰকাৰী পাছপহৰ্টধাৰীয়ে আনখন দেশলৈ ভ্ৰমণ কৰিব পাৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পশ্চিম বিভাগৰ সচিব পৱন কাপুৰ আৰু মলদোভাৰ ৰাষ্ট্ৰদূত আনা টাবানে এই চুক্তিত স্বাক্ষৰ কৰে।