অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ২৬,৯৬৯ গৰাকী শিক্ষাৰ্থীলৈ আনন্দৰাম বৰুৱা বঁটা

অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত আজিৰেপৰা ২৬ হাজাৰ ৯৬৯ গৰাকী শিক্ষাৰ্থীলৈ আনন্দৰাম বৰুৱা বঁটা আগবঢ়োৱা হ’ব। এই কাৰ্যসূচীৰ অধীনত দশম শ্ৰেণীৰ পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীসকলক সামৰি লোৱা হ’ব। আনহাতে ৬০ বাণীকান্ত কাকতি বঁটা প্ৰদান আঁচনিৰ অধীনত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত কৃৰ্তিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসক স্কুটী বিতৰণ কাৰ্যসূচীৰ আজি শুভাৰম্ভ কৰা হ’ব। তেওঁ কয়, যে আনন্দৰাম বৰুৱা বঁটাপ্ৰাপ্ত শিক্ষার্থীক বেংক একাউণ্টৰ জৰিয়তে ১২,৫০০ টকাকৈ প্ৰদান কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে এই বঁটা প্ৰদানৰ শুভাৰম্ভ কৰাৰ পাছত পৰৱৰ্তী সময়ত প্ৰতিখন জিলাতে এই বঁটাসমূহ প্ৰদান কৰা হ’ব। আনহাতে ৬০ বাণীকান্ত কাকতি বঁটা প্রদান কাৰ্যসূচীৰ অধীনত কাইলৈ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত ৭৫ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰ আৰু ৬০ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰীক স্কুটী প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ’ব। চলিত বছৰত ৪৮,৬৭৩ গৰাকী ছাত্র-ছাত্রীক শিক্ষা বিভাগে এই বঁটা প্ৰদানৰ বাবে সাজু হৈছে। শিক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে মুখ্যমন্ত্রী ড০ শৰ্মাই কাইলৈ কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ ছাত্ৰ-ছাত্ৰীক এই দুয়োটা বঁটা প্ৰদানৰ শুভাৰম্ভ কৰিব। শিক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে ৰাজ্য চৰকাৰে পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বাবে পূৰ্বে অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ বৃত্তি পৰীক্ষাৰ নাম সলনি কৰি আনন্দৰাম বৰুৱা বঁটা প্ৰদানৰ বাবেও পৰিকল্পনা লৈছে