অসম চৰকাৰৰ উদ্যোগত যোৰহাটবাসী ৰাইজৰ সহযোগত যোৰহাট ষ্টেডিয়ামত শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ পাছৰ মাংগলিক অনুষ্ঠানৰ আয়োজন

যোৰহাটত ৰাজহুৱাকৈ অসম চৰকাৰৰ উদ্যোগত আৰু যোৰহাটবাসী ৰাইজৰ সহযোগত আজি যোৰহাট ষ্টেডিয়ামত শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ পাছৰ মাংগলিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াৰ লগতে জুবিন গাৰ্গৰ চিতাভস্মত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰো ব্যৱস্থা কৰা হৈছে। যোৰহাটবাসী তথা শিল্পী জুবিন গাৰ্গৰ অগণন অনুৰাগীয়ে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা, নাম-প্ৰসংগ, দিহানাম, গায়ন-বায়নেৰে শিল্পীগৰাকীক শ্রদ্ধাঞ্জলি জনায়। জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ তদন্ত সোনকালে হোৱাৰ লগতে দোষীয়ে উপযুক্ত শাস্তি যাতে পায়, তাৰ উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰাগীসকলে চৰকাৰলৈ আহ্বান জনায়। শিল্পীগৰাকীৰ পত্নী গৰিমা শ‍ইকীয়া গাৰ্গে বন্তি প্ৰজ্বলন কৰাৰ পাছতে আৰম্ভ হয় শ্রদ্ধাঞ্জলি অনুষ্ঠান আৰু সৰ্বধৰ্ম প্ৰাৰ্থনা। গৰিমা গাৰ্গে সকলোৰে সহযোগত জুবিন গাৰ্গৰ আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিব লাগিব বুলি উল্লেখ কৰে। লগতে তেওঁ শান্তিপূর্ণভাৱে জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ ন্যায়ৰ বাবে দাবী জনাবলৈ সকলোকে আহ্বান জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।