ডাউনলোড
মোবাইল এপ

android apple
signal

অসম চৰকাৰক ৬০ বছৰৰ বাবে লীজত মুম্বাইৰ কোলাবাৰ অভিজাত অঞ্চলৰ ৪ বিঘা ভূমি

■ মুম্বাইৰ কোলাবাৰ অভিজাত অঞ্চলৰ ৪ বিঘা ভূমি মুম্বাই কৰ্তৃপক্ষই অসম চৰকাৰক ৬০ বছৰৰ বাবে লীজত দিছে। দেশৰ বাণিজ্যিক ৰাজধানীখনত অসমৰ জনসাধাৰণৰ বাবে যাৱতীয় ৰাজহুৱা আন্তঃগাঁথনিৰ বিকাশ তথা সুচল ব্যৱস্থা গঢ়ি তোলাৰ বাবে অসম চৰকাৰে এই ভূমিত এটা নিজা চৌহদ স্থাপন কৰিব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি এখন সংবাদমেলত এই কথা ঘোষণা কৰে। তেওঁ কয়, যে ইয়াৰ জৰিয়তে মুম্বাই চহৰলৈ অহা অসমৰ উদ্যোগী, ছাত্ৰ-ছাত্ৰী, ৰোগী তথা অন্যান্য লোকসকল উপকৃত হ’ব। শ্ৰীসোণোৱালে এই ভূমিত স্থাপন হ’বলগীয়া কেন্দ্ৰই উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নত নতুন গতি প্ৰদান কৰাৰ লগতে জনকল্যাণমূলক সুবিধাসমূহ তৃণমূল পৰ্যায়লৈ লৈ যোৱাত সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰে।
উল্লেখযোগ্য যে অসমৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া প্রয়োজন পূৰণৰ বাবে এটা কেন্দ্ৰ নিৰ্মাণৰ বাবে ভূমি বিচাৰি অসম চৰকাৰৰ মুখ্য সচিবে এখন লিখিত আবেদন প্ৰেৰণ কৰিছিল। এই আবেদনৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰীয় চৰকাৰে ৪ বিঘা ভূমি লীজত দিয়াৰ সিদ্ধান্ত লয়।