অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰীকৰণ সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত আলোচনা

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি লোকসেৱা ভৱনত অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত গঠিত উচ্চ পৰ্যায়ৰ সমিতিৰ পৰামৰ্শ সন্দৰ্ভত ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত এলানি বৈঠক অনুষ্ঠিত হয়। বৈঠকত ৰাজ্য চৰকাৰৰ অধীনত থকা পৰামৰ্শসমূহৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰা হয়। পৰামৰ্শসমূহত ভূমিৰ অধিকাৰ, সাংস্কৃতিক সংৰক্ষণ আৰু ভাষিক সুৰক্ষাৰ দিশত গুৰুত্ব প্ৰদান কৰে। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে যৌথভাৱে ৰূপায়ণ কৰিবলগীয়া আন ১২টা পৰামৰ্শ সন্দৰ্ভত মাৰ্চ মাহৰ দ্বিতীয় সপ্তাহত আন এলানি বৈঠক অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্রী ড০ শৰ্মাই প্রকাশ কৰে। উল্লেখযোগ্য যে বৈঠকৰ পাছতে আছুৰ সভাপতি উৎপল শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত সদৰি কৰে। সভাপতি শর্মাই কয়, যে মুখ্যমন্ত্ৰীৰে অনুষ্ঠিত হোৱা বৈঠকত ৰাজ্যৰ কৃষি ভূমিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। এই সিদ্ধান্ত অনুসৰি বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ পৰামৰ্শৱলী অনুসৰি জৰীপৰ জড়িয়তে ৰাজ্যৰ মূল কৃষিভূমি নিৰ্ণয় কৰা হ’ব। কৃষিৰ বাবে অনুপযোগী ভূমিৰো জৰীপ চলোৱা হ’ব বুলি তেওঁ প্ৰকাশ কৰে। সভাপতি শৰ্মাই পুনৰ কয়, যে বৈঠকৰ সিদ্ধান্ত অনুসৰি সত্ৰ, নামঘৰকে ধৰি খিলঞ্জীয়া যিসমূহ ধৰ্মীয় উপাসনাস্থলী আছে, সেইসমূহক বিধিগত সুৰক্ষা প্ৰদান কৰা হ’ব। বিশেষকৈ সত্ৰসমূহৰ উত্তৰণ, বিকাশ বা যিকোনো বাদ-বিবাদ নিষ্পত্তিৰ বাবে এখন স্বতন্ত্র শক্তিশালী ব’র্ড গঠন কৰা হ’ব। এই ব’ৰ্ডৰ আইনগত স্বীকৃতি থাকিব বুলি উল্লেখ কৰি শৰ্মাই লগতে কয়, যে ৩ মাহৰ ভিতৰতে পাঁচজনীয়া ব’ৰ্ড গঠনৰ বাবে বিধি প্ৰস্তুত কৰা হ’ব। ভূমি সম্পৰ্কীয় সকলোবোৰ বিষয়ে কাৰ্যকৰী কৰাৰ বাবে ২ হাজাৰ অতিৰিক্ত পদ সৃষ্টিৰ সিদ্ধান্ত লোৱাৰ কথাও সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে। বৈঠকত প্ৰতিখন জিলাতে একো একোটা বহুমুখী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। বৈঠকত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাবে ১০০ কোটি টকাৰ পুঁজি আৱণ্টনৰ সিদ্ধান্ত লোৱাৰ কথাও সভাপতি শৰ্মাই প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে জ্যোতি চিত্ৰবনৰ বাবেও সুকীয়া প্ৰকল্প গ্ৰহণ কৰা হ’ব। বৈঠকত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচার্যও উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।