February 16, 2025 7:29 PM

views 13

অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰীকৰণ সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত আলোচনা

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি লোকসেৱা ভৱনত অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত গঠিত উচ্চ পৰ্যায়ৰ সমিতিৰ পৰামৰ্শ সন্দৰ্ভত ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত এলানি বৈঠক অনুষ্ঠিত হয়। বৈঠকত ৰাজ্য চৰকাৰৰ অধীনত থকা পৰামৰ্শসমূহৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰা হয়। পৰামৰ্শসমূহত ভূমিৰ অধিকাৰ, সাংস্কৃতিক সংৰক্ষণ আৰু ভাষিক সুৰক্ষাৰ দিশত গুৰুত্ব প্ৰদান কৰে। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে যৌথভাৱে ৰূপায়ণ কৰিবলগীয়া আন ১২টা পৰ...