অসম গ্ৰন্থমেলাৰ আজি তৃতীয় দিন

অসম গ্ৰন্থমেলাৰ আজি তৃতীয় দিন। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত পৰহিৰে পৰা অনুষ্ঠিত গ্রন্থমেলাত আজি ‘কবি, গীতিকাৰ কেশৱ মহন্তৰ গীত-কবিতাৰ মাধুৰ্য’ শীর্ষক আলোচনাসত্র অনুষ্ঠিত হয়। বিশিষ্ট সংগীত শিল্পী ৰমেন চৌধুৰীয়ে এই অনুষ্ঠান উদ্বোধন কৰে। সাহিত্য সমালোচক তথা নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক অন্দিম বৰকটকীৰ সঞ্চালনাত অনুষ্ঠিত আলোচনাত কবি-সমালোচক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° এম কামালুদ্দিন আহমেদ আৰু লেখক, সমালোচক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড° প্ৰাঞ্জল শর্মা বশিষ্ঠই অতিথি আলোচক হিচাপে অনুষ্ঠানত অংশ লয়।