ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অসম গ্ৰন্থমেলাৰ আজি চতুর্থ দিনা কেইবাটাও মনোজ্ঞ অনুষ্ঠানৰ আয়োজন

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেল পথাৰত চলি থকা অসম গ্ৰন্থমেলাৰ আজি চতুর্থ দিনা কেইবাটাও মনোজ্ঞ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুসৰি আজি দিনৰ ২ বজাত চলচ্চিত্ৰৰ প্ৰচাৰ আৰু ব্যৱসায় সন্দৰ্ভত এখন আলোচনাসত্ৰৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত বিশিষ্ট চলচ্চিত্র সমালোচক নয়ন প্ৰসাদ, অভিনেতা তথা পৰিচালক কেনি বসুমতাৰী, শ্যাম বৰা, অচিন্ত শংকৰ, অভিনেতা কমললোচন, প্রিয়ংকা বৰুৱা আদি আলোচক হিচাপে উপস্থিত থাকিব। অপৰাজিতা পূজাৰীয়ে পৰিচালনা কৰিবলগীয়া এই আলোচনাত বিশিষ্ট অতিথি হিচাপে মুম্বাইৰ চলচ্চিত্র প্রযোজক, পৰিচালক, লেখক মনোজ শ্রীবাস্তৱ উপস্থিত থাকিব। সন্ধিয়া ৫ বজাত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা গ্ৰন্থমেলাৰ বাকৰিত আজি কেইবাখনো গ্ৰন্থও উন্মোচন কৰা হ’ব। কালি বিয়লি গ্রন্থমেলাথলীত ভিন্ন সাহিত্য ধাৰাৰ গ্ৰন্থ পঠনৰ আনন্দ শীর্ষক এখন আলোচনাচক্র সম্পন্ন হয়। আলোচনাত অংশ লৈ বিশিষ্ট সাহিত্যিক-সমালোচক ড° আনন্দ বৰমুদৈয়ে কয়, যে সাহিত্যৰ পৰিমণ্ডল ন-ন ৰূপেৰে প্ৰসাৰিত হোৱা হেতুকে অধ্যয়নৰ বাবে গ্ৰন্থ নিৰ্বাচন কৰাটো পাঠকৰ গুৰু দায়িত্ব। কালি বছৰৰ অন্তিমটো দেওবাৰত গ্ৰন্থমেলাৰ বাকৰিত গ্ৰন্থপ্ৰেমীৰ যথেষ্ট ভিৰ পৰিলক্ষিত হোৱাৰ লগতে বহুসংখ্যক গ্রন্থ বিক্রী হয় বুলি উদ্যোক্তাসকলৰ পৰা জানিব পৰা গৈছে।