যোৱা ২৪ ডিচেম্বৰত আৰম্ভ হোৱা অসম গ্ৰন্থমেলাৰ আজি দশম দিনাও গ্রন্থপ্ৰেমীয়ে আশাব্যঞ্জক সঁহাৰি আগবঢ়াইছে। অসম প্ৰকাশন পৰিষদৰ লগতে অন্যান্য পুথি বিক্রেতাসকলে প্রকাশ কৰা অনুসৰি বিগত ৯ দিনত অসম গ্রন্থমেলাত ৪ কোটি ৭০ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হৈছে। প্ৰকাশন পৰিষদৰ জুবিন গাৰ্গ সোঁৱৰণি অস্থায়ী প্ৰেক্ষাগৃহত সাহিত্য আলচ শীর্ষক এখন লেখক-পাঠক সমাৰোহ অনুষ্ঠিত হৈ যায়। জ্যেষ্ঠ আৰক্ষী বিষয়া আৰু বিশিষ্ট লেখক নোমল মাহাত্তাই উদ্বোধন কৰা সমাৰোহখন অসমীয়া প্ৰতিদিন কাকতৰ মুখ্য সহযোগী সম্পাদক অচ্যুৎ কুমাৰ পাটোৱাৰীয়ে সঞ্চালনা কৰে।
Site Admin | January 2, 2026 9:03 PM | Assam Book Fair
অসম গ্রন্থমেলাত বিগত ৯ দিনত ৪ কোটি ৭০ লাখ টকাৰ গ্ৰন্থ বিক্ৰী