অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্রন্থমেলাত আজি যুৱ লেখক সন্মিলন অনুষ্ঠিত হয়।
লেখক, অনুবাদক তথা জর্জিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰুণি কাশ্যপ নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থকা এই সন্মিলন লেখক তথা জ্যেষ্ঠ জনসংযোগ বিষয়া সমীৰ শান্দিল্যই সঞ্চালনা কৰে। জন্ম শতবৰ্ষৰ শ্ৰদ্ধাৰ্ঘ্যৰ আলোচনা সত্ৰত ‘আধুনিকতাবাদ আৰু কবি অজিত বৰুৱা’ সন্দৰ্ভত এখন আলোচনা অনুষ্ঠিত হয়। কিছু সময়ৰ পাছত গ্ৰন্থমেলাৰ বাকৰিত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।