অসম আৰু কাশ্মীৰৰ মাজত ভৌগোলিকভাবে ভালেখিনি ব্যৱধান আছে যদিও ৰাজ্য দুখন সাংস্কৃতিকভাবে সংপৃক্ত হৈ আছে বুলি ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচাৰ্যৰ মন্তব্য

অসম আৰু কাশ্মীৰৰ মাজত ভৌগোলিকভাবে ভালেখিনি ব্যৱধান আছে যদিও ৰাজ্য দুখন সাংস্কৃতিকভাবে সংপৃক্ত হৈ আছে বুলি ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচাৰ্যই মন্তব্য কৰিছে। গুৱাহাটীত কালি এছ এছ বিৰ ১৩ নম্বৰ বেটেলিয়নৰ উদ্যোগত আয়োজিত ভাৰত দৰ্শন ট্যুৰ’ৰ অংশ হিচাপে অসমলৈ অহা কাশ্মীৰ উপত্যকাৰ ২৫ গৰাকী বিদ্যার্থীৰ সৈতে মত বিনিময় কৰি ৰাজ্যপালগৰাকীয়ে এই ভ্রমণত দেশৰ একতাৰ প্ৰতীক বুলি অভিহিত কৰে। বৈচিত্র্যৰ মাজত ঐক্যৰ বিষয়ে আলোকপাত কৰি ৰাজ্যপাল আচাৰ্যই কয়, যে দেশৰ ভিন্ন প্ৰান্তৰ জনসাধাৰণৰ ভাষা, খাদ্যাভাস, সাজ-পোছাক আৰু পৰম্পৰা ভিন ভিন যদিও সংবিধান, গণতন্ত্র আৰু উমৈহতীয়া প্ৰমূল্যৰাজিয়ে সকলোকে ঐক্যবদ্ধ কৰি ৰাখিছে। তেওঁ কয়, যে এক ভাৰত, শ্রেষ্ঠ ভাৰত এটা ধবনিয়েই নহয় বৰং এয়া জীবন যাপনৰ শৈলী। তেওঁ লগতে ভাৰত দৰ্শনৰ দৰে কাৰ্যসূচীয়ে বিভিন্ন অঞ্চলৰ যুৱক-যুৱতীসকলৰ মাজত আৱেগিক বান্ধোন আৰু পাৰস্পৰিক বুজা পৰা সুদৃঢ় কৰাৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। জ্যেষ্ঠজনৰ প্ৰতি সন্মান, শিল্প, সংগীত আৰু হস্তশিল্পৰ প্ৰতি আগ্ৰহ তথা প্ৰকৃতিৰ সৈতে সহাৱস্থানকে ধৰি কাশ্মীৰ আৰু অসমৰ মাজত ভালেমান সাদৃশ্য আছে বুলি তেওঁ মন্তব্য কৰে। ৰাজ্যপালগৰাকীয়ে লগতে এই ভ্রমণে জীৱনজোৰা মৈত্ৰীৰ ভেটি গঢ়ি তুলিব বুলি আশাপ্রকাশ কৰে।