ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অসম আৰক্ষীৰ বিশেষ কার্যবাহিনীয়ে কেৰালা আৰু পশ্চিমবংগৰ আৰক্ষীৰে যুটীয়া অভিযানত ৮ জন মৌলবাদী সংগঠনৰ সদস্যক গ্ৰেপ্তাৰ

অসম আৰক্ষীৰ বিশেষ কার্যবাহিনীয়ে কেৰালা আৰু পশ্চিমবংগৰ আৰক্ষীৰ সৈতে যুটীয়াভাৱে চলোৱা অভিযানত ৮ জন মৌলবাদী সংগঠনৰ সদস্যক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ ভিতৰত কেৰালাৰ পৰা গ্ৰেপ্তাৰ কৰা এজন অভিযুক্ত বাংলাদেশী নাগৰিক বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। প্ৰঘাত নামৰ অভিযানৰ অধীনত চোৰাংচোৱাৰ তথ্যৰ পম খেদি আৰক্ষীয়ে ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপ প্রতিহত কৰাৰ চেষ্টা চলায়। আজি গুৱাহাটীৰ উলুবাৰী অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আয়োজিত সংবাদমেলত আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান হৰমিত সিঙে আৰক্ষী মহাপৰিদৰ্শক পার্থসাৰথি মহন্তৰ উপস্থিতিত এই বিষয়ে প্ৰকাশ কৰে।
গ্ৰেপ্তাৰ কৰা লোককেইজনৰ পৰা ভালেসংখ্যক আপত্তিজনক নথি-পত্র, মোবাইল ফোন আৰু কাৰিকৰী তথ্য প্রমাণ জব্দ কৰা হৈছে বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। এই তথ্য প্রমাণসমূহৰ পৰা আৰক্ষীয়ে এই লোককেইজনৰ বাংলাদেশ আৰু পাকিস্তানৰ কেতবোৰ সন্দেহজনক গোটৰ সৈতে সঘনে যোগাযোগ থকা বুলি নিশ্চিত হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।