ডাউনলোড
মোবাইল এপ

android apple
signal

July 26, 2025 8:18 PM | Atul Bora

printer

অসম আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ ছহিদৰ স্মৃতিক্ষেত্ৰ পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ

অসম আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ ছহিদসকলৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যৰে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নির্মীয়মান ছহিদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান অহা নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব। ১১৬ বিঘা ভূমি সামৰি নির্মীয়মান এই উদ্যানত ছহিদ স্মাৰকৰ লগতে দেশৰ ভিতৰতে অন্যতম সুউচ্চ স্তম্ভ আৰু ছহিদ আৱক্ষ মূৰ্তি নিৰ্মাণ কৰি থকা হৈছে। মন্ত্ৰী অতুল বৰাই আজি এই নির্মীয়মান ক্ষেত্ৰ পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লোৱাৰ পাছত এইকথা প্ৰকাশ কৰে। তেওঁ কয়, যে এই উদ্যান আৰু স্মাৰকে ঐতিহাসিক অসম আন্দোলনৰ ছহিদসকলৰ স্মৃতি যুগমীয়া কৰাত সহায় কৰিব। এই প্রকল্প ৰূপায়ণে অসম আন্দোলনৰ বীৰ ছদিহসকলক মর্যাদা প্ৰদানৰ লগতে ঐতিহাসিক অসম চুক্তিৰ দফাসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। মন্ত্ৰী বৰাৰ সৈতে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যইও স্মাৰক ক্ষেত্ৰখন পৰিদৰ্শন কৰে। এই স্মাৰকক্ষেত্ৰ আৰু উদ্যানত শ্ৰব্য আৰু পোহৰ প্ৰদৰ্শন, চাইকেল ট্রেক, খাদ্যথলী আৰু বিভিন্ন আধুনিক উপস্থাপন কৰা হ’ব। ৫০০ গৰাকী ব্যক্তি বহিব পৰা প্ৰেক্ষাগৃহ আৰু এহেজাৰ লোকে আসন গ্রহণ কৰিব পৰা বিথিকাও স্মাৰক ক্ষেত্ৰখনত থাকিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে অসম আন্দোলনৰ ৮৬০ গৰাকী ছহিদৰ ভিতৰত সকলোৰে আলোকচিত্ৰ পোৱা হোৱা নাই। সেয়েহে জিলা আয়ুক্তসকলক ছহিদ পৰিয়ালক সাক্ষাৎ কৰি আলোকচিত্ৰ সংগ্ৰহ কৰিবলৈ কোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।