কফিনত শুই থকা অসমৰ সংগীত আকাশৰ জ্যোতিষ্কক শেষবাৰৰ বাবে ওচৰৰ পৰা চাবলৈ আজিও অগণন লোক সৰুসজাই ষ্টেডিয়ামত সমবেত হয়।
ৰাজ্যৰ সংগীত ক্ষেত্ৰত কাহানিও পূৰাব নোৱৰা শূন্যতাৰ সৃষ্টি কৰি আকস্মিকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অনুৰাগীসকলে আজিও অভূতপূৰ্ব ৰূপত শ্রদ্ধা নিবেদন কৰে। হিয়াৰ আমঠু শিল্পীগৰাকীক শেষ দৰ্শনৰ বাবে সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত কালি গোটেই নিশা অজস্র গুণমুগ্ধই ভিৰ কৰে। আজি পুৱাৰে পৰা ষ্টেডিয়ামত শিল্পীগৰাকীক অন্তিমবাৰৰ বাবে দৰ্শন কৰিবলৈ বিৰ দি বাট নোপোৱা পৰিৱেশৰ সৃষ্টি হয়। গান ঃ …..
শিল্পীগৰাকীক সকলো অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলি জনাব পৰাকৈ আজিও ষ্টেডিয়াম খোলা থাকিব। জুবিন গাৰ্গৰ মৃত্যুত ঘোষণা কৰা ৰাজ্যিক শোক কাইলৈ পৰ্যন্ত বৃদ্ধি কৰা হৈছে। কাইলৈ যোৰাবাটৰ সমীপৰ কমাৰকুছিত ৰাজ্যিক মর্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি অন্ত্যেষ্টিক্ৰিয়াৰ স্থান পৰিদৰ্শন কৰি কয়, যে এই কাৰ্যসূচীত কেন্দ্রীয় চৰকাৰ আৰু বিভিন্ন ৰাজ্যৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু, সৰ্বানন্দ সোণোৱাল, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিধানসভাৰ বিৰোধী পক্ষৰ নেতা দেৱব্ৰত শইকীয়া আৰু মেঘালয়ৰ উপ- মুখ্যমন্ত্রীও শেষকৃত্য কাৰ্যসূচীত উপস্থিত থাকিব। সুকলমে এই কাৰ্য সম্পন্ন কৰাৰ বাবে সকলো ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
কাইলৈ সৰুসজাই ষ্টেডিয়ামৰ পৰা অন্ত্যেষ্টিক্ৰিয়াৰ স্থানলৈ শিল্পীগৰাকীৰ পাৰ্থিৱ শৰীৰ লৈ যোৱা সময়ৰে পৰা শেষকৃত্য সম্পন্ন হোৱালৈ ভিডিঅ’গ্ৰাফী কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে কাইলৈ শেষকৃত্যত হ’বলগীয়া ভিৰৰ প্ৰতি লক্ষ্য ৰাখি দিনৰ ২ বজালৈ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ ৰখা হ’ব আৰু আৰক্ষীয়ে আইন শৃংখলা ৰক্ষাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্রই জুবিন গাৰ্গৰ অন্তিম যাত্ৰাৰ চলন্ত বিৱৰণী প্ৰচাৰ কৰিব।
জুবিন গাৰ্গৰ পৰিয়াল সিদ্ধান্তমৰ্মে শিল্পীগৰাকীৰ ১৩ দিনীয়া শ্রাদ্ধানুষ্ঠান যোৰহাটত পালন কৰা হ’ব আৰু সেইদিনাই তেওঁৰ চিতাভস্ম যোৰহাটৰ ৰাইজক আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে কয়, যে শিল্পীগৰাকীৰ সন্মানাৰ্থে কাইলৈ অসমৰ সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব। কামৰূপ মহানগৰ জিলাৰ চৰকাৰী কাৰ্যালয়সমূহ বন্ধ থাকিব যদিও বাকী সকলো ঠাইতে কার্যালয় খোলা ৰখা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
সদৌ অসম ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে আজি কমাৰকুছিত জুবিন গাৰ্গৰ শেষকৃত্য স্থান পৰিদৰ্শন কৰে। সংগঠনটোৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই সেই স্থান পৰিদৰ্শনৰ পাছত শিল্পীগৰাকীৰ সমাধিস্থলী বিশ্বমানৰ আৰু সৰ্বোত্তম ৰূপত নিৰ্মাণ কৰাৰ বাবে চৰকাৰক আহ্বান জনায়।
অসম জাতীয়তাবাদী ছাত্ৰ পৰিষদৰ এটা সজাতি দলে আজি শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াৰ স্থান পৰিদৰ্শন কৰে। তেওঁলোকে ৰাইজৰ সুবিধা হোৱাকৈ সেই স্থান উপযোগী কৰি তুলিবলৈ আহ্বান জনায়।
ইপিনে আজিও জুবিন গাৰ্গক দেশ-বিদেশৰ বিভিন্ন সন্মানীয় ব্যক্তিয়ে আহি সৰুসজাই ষ্টেডিয়ামত শেষ শ্রদ্ধা জ্ঞাপন কৰে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই আজি শিল্পীগৰাকীক শ্রদ্ধাঞ্জলি নিবেদন কৰে। ভূটানৰ ৰজা জিগমে খেচাৰ নামগিয়াল ৱাংচুকৰ বিশেষ প্রতিনিধিয়ে আজি শিল্পীগৰাকীক অন্তিম শ্রদ্ধা জ্ঞাপন কৰে।