অসমৰ পৰা অনুপ্ৰৱেশকাৰী আৰু মৌলবাদীক শীঘ্ৰেই উৎখাত কৰাকে ধৰি কেইবাটাও দাবীত আজি সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। নগাঁও জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সমীপত সংগঠনটোৰ সদস্য আৰু সমৰ্থকসকলে এই কাৰ্যসূচী ৰূপায়ণ কৰে। তেওঁলোকে নাগৰিকত্ব সংশোধনী আইনৰ আওতাৰ পৰা অসমৰ বাহিৰত ৰখা, অসম চুক্তিৰ প্ৰতিটো দফা নিৰ্দিষ্ট সময়ত ৰূপায়ণ কৰাকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত প্ৰতিবাদ সাব্যস্ত কৰে। মৰিগাঁও জিলা ছাত্ৰ সন্থায়ো আজি মৰিগাঁও চহৰত অনুৰূপ কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰী সদস্যসকলে অসম চুক্তি ৰূপায়ণৰ জৰিয়তে বিদেশী নাগৰিকৰ বহিস্কৰণৰ ব্যৱস্থা, ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰাকে ধৰি কেইবাটাও দাবী তোলে।
Site Admin | September 16, 2025 7:49 PM | AASU | AASU Protest | Akashvani News
অসমৰ পৰা অনুপ্ৰৱেশকাৰী আৰু মৌলবাদীক শীঘ্ৰেই উৎখাত কৰাকে ধৰি ভিন্ন দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ