অসমৰ নিব্ৰাছ হুছেইনে গুৱাহাটীৰ চচলত অনুষ্ঠিত আইটা ছুপাৰ চিৰিজ টেনিছ প্রতিযোগিতাত দ্বিমুকুট অৰ্জন কৰিছে। নিব্ৰাছে সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় ৰেংকিং প্রতিযোগিতাখনত ল’ৰাৰ ১৪ বছৰ অনুৰ্দ্ধ ছিংগলছ আৰু ডাবলছ শাখাত খিতাপ লাভ কৰে।
১৪ আৰু ১৬ বছৰ অনুৰ্দ্ধৰ ল’ৰা-ছোৱালীৰ প্ৰতিযোগিতাখনত ছিংগলছৰ ফাইনেলত নিব্ৰাছে কৰ্ণাটকৰ জছ কুমাৰক ৭-৫, ৬-১ পোনপটীয়া ছেটত পৰাস্ত কৰে। একেদৰে ডাবলছৰ নিব্ৰাছে অসমৰে ৰিক ৰাউটৰ লগত যুটী বান্ধি জছ আৰু সন্তোষৰ যুটীটোক ৩-৬, ৭-৫, ১০–০ ছেটত পৰাস্ত কৰে। নিব্ৰাছে এমাহৰ ভিতৰত ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত এইবাৰকে ধৰি দ্বিতীয়টো দ্বিমুকুট অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। খেলুৱৈগৰাকীয়ে যোৱা মাহত চচলত অনুষ্ঠিত ১২ আৰু ১৪ বছৰ অনুৰ্দ্ধৰ আইটা ছুপাৰ চিৰ্জিৰ ১৪ বছৰ অনুৰ্দ্ধ ছিংগলছ আৰু ডাবলছ শাখাৰ খিতাপ জয় কৰিছিল৷
Site Admin | August 16, 2025 9:03 PM | Akashvani Guwahati | Akashvani News | Guwahati | SPORTS
অসমৰ নিব্ৰাছ হুছেইনে গুৱাহাটীৰ চচলত অনুষ্ঠিত আইটা ছুপাৰ চিৰিজ টেনিছ প্রতিযোগিতাত দ্বিমুকুট অৰ্জন