ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা তিনিদিনত গুৱাহাটীৰ লগতে ৰাজ্যৰ ঠাই বিশেষে বিজুলী- ঢেৰেকণিৰে প্ৰবল বৰষুণ হ’ব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত গুৱাহাটীত ৭ৰ পৰা ১১ ছেণ্টিমিটাৰ বৰষুণ হোৱাৰ লগতে প্ৰতিঘণ্টাত ৪০ৰ ৫০ কিলোমিটাৰ বেগেৰে ধুমুহা বলাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগৰ এই আগজাননী চাই ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটীৰ জনসাধাৰণক সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। দূৰণিবতীয়া যাত্ৰীসকলক বৰষুণৰ সম্ভাৱনালৈ চাই যাত্ৰাৰ পৰিকল্পনা কৰিবলৈ আৰু বৃষ্টিপাতৰ সময়ছোৱাত অযথা ঘৰৰ বাহিৰলৈ নোলাবলৈ কোৱা হৈছে। দ’ ঠাই আৰু পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চলত বাস কৰা লোকসকলক বান আৰু ভূমিস্খলনৰ প্ৰতি সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে। জনসাধাৰণক লগতে বতৰৰ আগলি বতৰা শুনি থাকিবলৈ আৰু বৰষুণৰ সময়ছোৱাত নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা পৰামৰ্শৱলী অনুসৰণ কৰিবলৈ আহ্বান জনোৱা হৈছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে স্বাভাৱিক সতর্কতাৰ বাবে সময়ে সময়ে শেহতীয়া স্থিতিৰ বিষয়ে জনাব। ইপিনে বতৰ বিজ্ঞান কেন্দ্ৰই চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা ব্যক্ত কৰি ৰেড এলার্ট জাৰি কৰিছে। ভূমিস্খলনৰ লগতে পাহাৰৰ পৰা নমা পানী ঢলে অসম-অৰুণাচলৰ সীমামূৰীয়া লখিমপুৰ আৰু ধেমাজি জিলাৰ প্ৰতিও ভাবুকি কঢ়িয়াই অনাৰ আশংকালৈ চাই দুয়োখন জিলাতে ৰেড এলার্ট জাৰি কৰা হৈছে।
Site Admin | August 3, 2025 6:08 PM | IMD Alert North East
অসমৰ ঠাই বিশেষে অহা তিনিদিনত বিজুলী-ঢেৰেকণিৰে প্ৰবল বৰষুণৰ আগলি বতৰা
