অসমৰ সংগীত জগতত বিশাল শূন্যতাৰ সৃষ্টি কৰি আঁতৰি যোৱা অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহ এয়াৰ ইণ্ডিয়াৰ এখন বিমানেৰে আজি বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰলৈ লৈ অনা হৈছে। বিমান বন্দৰত অজস্ৰ অনুৰাগীয়ে কালি নিশাৰে পৰা প্ৰিয় শিল্পীগৰাকীৰ নশ্বৰদেহৰ বাবে অপেক্ষা কৰি আছিল ৷ কালি দিনৰ ভাগত শিল্পীগৰাকীৰ নশ্বৰ দেহ ছিংগাপুৰৰ পৰা দিল্লীলৈ বিমানেৰে অনাৰ পাছতে দিল্লীত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই শিল্পীগৰাকীৰ প্ৰতি শ্রদ্ধা জ্ঞাপন কৰে। বৰঝাৰ বিমান বন্দৰত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে শিল্পীগৰাকীৰ নশ্বৰ দেহ আদৰি আনিবলৈ উপস্থিত হৈছে। শিল্পীগৰাকীৰ সন্মানার্থে কালিৰে পৰা তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰা হৈছে। এই সময়ছোৱাত সকলো চৰকাৰী মনোৰঞ্জনমূলক অনুষ্ঠান, আনুষ্ঠানিক কার্যসূচী আৰু ৰাজহুৱা উৎসৱ স্থগিত থাকিব। উল্লেখযোগ্য যে, শিল্পীগৰাকীৰ নশ্বৰ দেহ গুৱাহাটীলৈ অনাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা নতুন দিল্লীলৈ কালি সন্ধিয়াৰ ভাগত ৰাওনা হৈছিল। ছিংগাপুৰৰ পৰা শিল্পীগৰাকীৰ নশ্বৰ দেহ কঢ়িয়াই অনা বিমানখন কালি নিশা প্রায় ১২ বজাত নতুন দিল্লী বিমান বন্দৰত বিমানখনে অৱতৰণ কৰে। কালি নতুন দিল্লীলৈ যাত্ৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান, মহানগৰ আৰক্ষী আয়ুক্ত আৰু গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ কৰ্তৃপক্ষৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। মুখ্যমন্ত্রী ড° শৰ্মাই কয়, যে জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টোৰ বিশদ অনুসন্ধানৰ বাবে তেওঁ ছিংগাপুৰৰ উচ্চায়ুক্ত চাইমন ৰঙৰ সৈতে কথা পাতিছে। উচ্চায়ুক্তগৰাকীয়ে এইক্ষেত্ৰত সম্পূর্ণ সহযোগিতাৰ আশ্বাস দিছে বুলি তেওঁ প্ৰকাশ কৰে।
Site Admin | September 21, 2025 11:01 AM | Zubeen Garg
অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা
