অসমত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনীৰ পৰিৱৰ্তে বিশেষ সংশোধনী প্রক্রিয়া ৰূপায়ন কৰাক লৈ উচ্চতম ন্যায়ালয়ে নির্বাচন আয়োগ আৰু ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে। এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ’চিয়েচনৰ সভাপতি মৃণাল কুমাৰ চৌধুৰীয়ে যোৱা ১ ডিচেম্বৰত ন্যায়ালয়ত দাখিল কৰা লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি কালি ন্যায়ালয়ে এই জাননী জাৰি কৰে। মুখ্য ন্যায়াধীশ সূর্যকান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচিৰে গঠিত খণ্ড বিচাৰপীঠে কালি দেশৰ নিৰ্বাচন আয়োগৰ লগতে অসম চৰকাৰলৈ জাননী জাৰি কৰি এসপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ দিয়ে। লেখ আবেদনকাৰীক প্রতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা বিজয় হানচাৰিয়াই অসমত বিশেষ পুংখানুপুংখ সংশোধনীৰ কিয় প্রয়োজন নাই বুলি প্রশ্ন উত্থাপন কৰে। অসমৰ বাবে প্ৰযোজ্য নাগৰিকত্ব সংশোধনী বিশেষ আইনৰ ছয় (ক) ধাৰা তথা বিদেশী ন্যায়াধীকৰণ থকাৰ বাবে নিৰ্বাচন আয়োগে এই সন্দৰ্ভত ভিন্ন পন্থা অৱলম্বন কৰিব পাৰে যদিও এই ক্ষেত্ৰত আয়োগৰ বক্তব্য শুনাৰ প্ৰয়োজন আছে বুলি মুখ্য ন্যায়াধীশ সূর্যকান্তই প্রকাশ কৰে। উল্লেখযোগ্য যে ইতিপূর্বে নির্বাচন আয়োগে অহা ১ জানুৱাৰীক ভিত্তি বর্ষ হিচাপে লৈ অসমত ভোটাৰ তালিকাৰ সংশোধনীৰ নিৰ্দেশ দিছিল আৰু এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। এই প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছত অহা বছৰৰ ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্রকাশ পাব বুলি কোৱা হৈছিল।
Site Admin | December 10, 2025 11:14 AM | Akashvani | Akashvani Guwahati | Assam Govt | Election Commission Assam | Supreme Court of India
অসমত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনীৰ পৰিৱৰ্তে বিশেষ সংশোধনী প্রক্রিয়া ৰূপায়নক লৈ উচ্চতম ন্যায়ালয়ৰ নির্বাচন আয়োগ আৰু ৰাজ্য চৰকাৰলৈ জাননী