অষ্ট্ৰেলিয়াৰ বন্দী তীৰত সংঘটিত সন্ত্রাসবাদী আক্রমণক প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ তীব্ৰ গৰিহণা

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ইহুদীসকলৰ হানুকাহ উৎসৱৰ প্ৰথম দিনটো উদযাপন কৰা লোকসকলক লক্ষ্য কৰি অষ্ট্ৰেলিয়াৰ বন্দী তীৰত সংঘটিত সন্ত্রাসবাদী আক্রমণক তীব্ৰ গৰিহণা দিছে। সামাজিক মাধ্যম যোগে দিয়া এটা পোষ্টত প্রধানমন্ত্রীয়ে নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। এই শোকৰ সময়ত ভাৰত অষ্ট্ৰেলিয়াৰ জনসাধাৰণৰ সৈতে আছে বুলি তেওঁ মন্তব্য কৰে। শ্রী মোদীয়ে লগতে কয়, যে ভাৰতে সন্ত্রাসবাদৰ প্ৰতি শূন্য সহনশালতীৰ নীতি সমর্থন জনাই আহিছে আৰু সন্ত্রাসবাদৰ সকলো ধৰণ তথা প্ৰকাশৰ বিৰুদ্ধে ভাৰত সদায় থিয় হ’ব।

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰেও এই আক্রমণক গৰিহণা দিছে।

উল্লেখ্য যে অষ্ট্ৰেলিয়াৰ ছিডনীৰ বন্দী তীৰত আজি সংঘটিত এটা সন্ত্রাসবাদী আক্রমণত এজন বন্দুকধাৰীকে ধৰি কমেও ১২ জন লোক নিহত হয়। এই আক্ৰমণত জৰিয়ত আন এজন বন্দুকধাৰী সম্প্রতি আৰক্ষীৰ জিম্মাত সংকটজনক অৱস্থাত আছে। এই ঘটনাত দুজন আৰক্ষী বিষয়াকে ধৰি ২৯ জন লোক আঘাতপ্রাপ্ত হয়। দেশখনৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানীজে ঘটনাটোক দুখজনক বুলি অভিহিত কৰিছে। ইজৰাইৰ বিদেশ মন্ত্রী গীডিয়ন ছাৰে এই ঘটনাটো তেওঁক স্তম্ভিত কৰি তোলা বুলি উল্লেখ কৰি ইয়াক যোৱা দুটা বছৰত অষ্ট্ৰেলিয়াৰ ৰাজপথত ইহুদী বিৰোধী কাৰ্যসূচীৰ পৰিণাম বুলি উল্লেখ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।