অষ্ট্ৰেলিয়াৰ পাৰ্থত ২৬ এপ্ৰিলৰ পৰা ৪ মে’লৈ হ’বলগীয়া হকী শৃংখলাৰ বাবে ২৬ জনীয়া ভাৰতীয় হকী দল ঘোষণা

অষ্ট্ৰেলিয়াৰ পাৰ্থত ২৬ এপ্ৰিলৰ পৰা ৪ মে’লৈ হ’বলগীয়া হকী শৃংখলাৰ বাবে ২৬ জনীয়া ভাৰতীয় হকী দলটো আজি হকী ইণ্ডিয়াই ঘোষণা কৰে। ৫ খন খেলৰ শৃংখলাটোত ভাৰতে প্ৰথম দুখন খেলত অস্ট্রেলিয়া- Aৰ বিৰুদ্ধে খেলিব। তাৰ পাছতে অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় দলটোৰ বিৰুদ্ধে তিনিখন খেলত অৱতীৰ্ণ হ’ব। ভাৰতীয় দলটোক চালিমা টেটেই নেতৃত্ব দিয়াৰ লগতে নৱনীত কৌৰ হ’ব উপ অধিনায়ক। দলটোত সবিতা আৰু নৱাগত বিশুদেৱী খাৰিবেমক গল কিপাৰ হিচাপে নিৰ্বাচন কৰা হৈছে। জুন মাহত হ’বলগীয়া FIH pro league 2024-25 ৰ বাবে এই ভ্ৰমণ ভাৰতীয় দলটোৰ বাবে প্ৰস্তুতিমূলক হ’ব।