ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অষ্ট্ৰেলিয়াই পাকিস্তানক জয়ৰ বাবে ২২২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ

আই চি চি এদিনীয়া মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত অষ্ট্ৰেলিয়াই পাকিস্তানক জয়ৰ বাবে ২২২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে।

পাকিস্তানে টছত জিকি অষ্ট্ৰেলিয়াক প্ৰথমে বেট ধৰাৰ বাবে আমন্ত্ৰণ জনায়। অষ্ট্ৰেলিয়াই নিৰ্ধাৰিত ৫০ অভাৰত ৯টা উইকেট হেৰুৱাই ২২১ ৰান সংগ্ৰহ কৰে। দলৰ হৈ বেথ মুনিয়ে সৰ্বাধিক ১০৯ কৰে। পাকিস্তানৰ হৈ নাশা সান্ধুৱে ৩টা, ৰামিন শ্বামিম আৰু ফাতিমা ছানাই ২টাকৈ উইকেট দখল কৰে।

প্ৰতিযোগিতাত কাইলৈ বিশাখাপট্টনমত হ’বলগীয়া এখন খেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি ৩ বজাত আৰম্ভ হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।