ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অলিম্পিকত মহিলা মল্লযোদ্ধা ৱিনেশ ফোগতক অযোগ্য ঘোষণা কৰাৰ বিষয় সন্দৰ্ভত বিশ্ব মল্লযুদ্ধ সংঘৰ ওচৰত ভাৰতীয় অলিম্পিক সংস্থাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে

কেন্দ্রীয় খেল মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই কৈছে যে, ভাৰতীয় অলিম্পিক সংস্থাই পেৰিছ অলিম্পিকত মহিলা মল্লযোদ্ধা ৱিনেশ ফোগতক অযোগ্য ঘোষণা কৰাৰ বিষয় সন্দৰ্ভত বিশ্ব মল্লযুদ্ধ সংঘৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰিছে। লোকসভাত আজি নিজাববীয়াকৈ বিবৃতি দি মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰে ৱিনেশ ফোগতক সকলো ধৰণৰ সহায় আগবঢ়াইছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগতভাৱে বিষয়টো লৈ ভাৰতীয় অলিম্পিক সংস্থাৰ অধ্যক্ষ পি.টি. উষাৰ সৈতে ফোনযোগে কথা পাতিছে। ভাৰতীয় অলিম্পিক সংস্থাক বিষয়টোৰ ক্ষেত্ৰত সকলো সম্ভাৱনাৰ অন্বেষণ কৰিবলৈ কোৱা বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে৷ তেওঁ কয় যে, বিশ্ব মল্লযুদ্ধ সংঘৰ নিয়ম অনুসৰি কোনো এগৰাকী এথলীটে ওজন জোখাৰ পৰা বিৰত থাকিলে অথবা ওজনৰ নিৰ্দিষ্ট মাপকাঠি মানি চলাত ব্যৰ্থ হ’লে খেলুৱৈগৰাকীক প্ৰতিযোগিতাৰ বাবে অযোগ্য ঘোষণা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কয় যে, ওজন পৰীক্ষাৰ সময়ত ৫০ কিলোগ্রাম ওজন শাখাত প্রতিদ্বন্দিতা আগবঢ়োৱা ফোগতৰ ওজন নিৰ্ধাৰিত সীমাতকৈ এশ গ্রাম অধিক পোৱা গৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।