অমিমাংসীত গোচৰৰ সংখ্যা হ্ৰাস কৰাটো ন্যায় ব্যৱস্থাৰ বাবে এটা বৃহৎ প্রত্যাহ্বানঃ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি কয় যে, অমিমাংসীত গোচৰৰ সংখ্যা হ্ৰাস কৰাটো ন্যায় ব্যৱস্থাৰ বাবে এটা বৃহৎ প্রত্যাহ্বান। নতুন দিল্লীৰ ভাৰত মণ্ডপমত দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত জিলা ন্যায়পালিকাৰ ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ প্ৰসংগত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, অমিমাংসীত গোচৰৰ সমস্যা সমাধান কৰিবলৈ সকলো অংশীদাৰীয়ে একেলগে আগবাঢ়ি অহাটো প্রয়োজন। অনুষ্ঠানত ভাষণ প্ৰসংগত আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে উচ্চতম ন্যায়ালয়ৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে গৌৰৱ প্ৰকাশ কৰে। তেওঁ কয় যে, বিভিন্ন ক্ষেত্ৰত কৰ্মৰত নাগৰিকসকলৰ বাবে ন্যায় ব্যৱস্থাৰ সঠিক বাতাবৰণৰ অতি প্রয়োজন। ইয়াৰ জৰিয়তে নাগৰিকসকলে ৰাষ্ট্ৰনিৰ্মাণৰ বাবে নিষ্ঠাৰে কাম কৰিব পাৰিব বুলি তেওঁ প্ৰকাশ কৰে। অনুষ্ঠানত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ে কয় যে, অমিমাংসীত গোচৰৰ সংখ্যা হ্ৰাস কৰা সন্দৰ্ভত গঠিত সমিতিখনে লক্ষ্যত উপনীত হোৱাৰ বাবে কাৰ্যপন্থা প্ৰস্তুত কৰিছে। তেওঁ লগতে কয় যে, উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় লোক আদালতৰ কামকাজ সুচাৰুৰূপে সম্পন্ন কৰিছে। এই সময়ছোৱাত পাঁচ দিনত প্ৰায় এহেজাৰ গোচৰ মিমাংসা কৰা হয়। উল্লেখযোগ্য যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি জিলা ন্যায় পালিকাৰ ৰাষ্ট্ৰীয় সন্মিলন মুকলি কৰে।