ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অভেলত চলি থকা পঞ্চম তথা অন্তিম টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ প্রথম ইনিংছত শোচনীয় প্ৰদৰ্শন

অভেলত চলি থকা পঞ্চম তথা অন্তিম টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে প্রথম ইনিংছত শোচনীয় প্ৰদৰ্শন দাঙি ধৰিছে। খেলখনৰ আজি দ্বিতীয় দিনা ভাৰতে কালি ৬ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ২০৪ ৰানৰ পৰা খেলিবলৈ লৈ কেৱল ২০ ৰান যোগ কৰা অৱস্থাতে ভাৰতৰ আটাইকেইটা উইকেটৰ পতন ঘটে। ভাৰতৰ অন্তিম ৩গৰাকী বেটছমেন শূন্য ৰানত আউট হয়। প্ৰত্যুত্তৰত ইংলেণ্ডে দৃঢ় আৰম্ভণি কৰিছে আৰু প্রথম উইকেটৰ যুটীত অপেনাৰদ্বয় জেক ক্ৰলি আৰু বেন ডাকেটে ৯২ ৰান সংগ্ৰহ কৰে। বেন ডাকেট ৪৩ ৰান কৰি আউট হয়। বাতৰি লিখাৰ পৰলৈকে ঘৰুৱা দলটোৱে প্ৰথম ইনিংছত তিনিটা উইকেটৰ বিনিময়ত ১৪৮ ৰান সংগ্ৰহ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।