অপাৰেশ্যন সিন্দুৰৰ সময়ছোৱাত ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীয়ে প্রশংসনীয় ভূমিকা পালন কৰিছে: উপ-ৰাষ্ট্ৰপতি

অপাৰেচন সিন্দুৰৰ সময়ছোৱাত ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীয়ে প্রশংসনীয় ভূমিকা পালন কৰা বুলি উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে মত প্রকাশ কৰিছে। নতুন দিল্লীত ২০২৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ গণৰাজ্য দিৱস কুচকাৱাজ শিবিৰত আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ এই কথা প্ৰকাশ কৰে। অপাৰেশ্যন সিন্দুৰৰ সাফল্যক আলোকপাত কৰি শ্ৰীৰাধাকৃষ্ণণে কয় যে এই অভিযানৰ জৰিয়তে দেশবাসী তথা দেশৰ সন্মান আৰু সার্বভৌমত্ব সুৰক্ষিত কৰি ৰখাত দেশৰ প্ৰতিশ্ৰুতিবদ্ধতা প্রতিফলিত হৈছে। তেওঁ কয় যে একতা আৰু নিয়মানুবর্তিতাৰ দৃষ্টিভংগীৰে ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীয়ে অবিৰতভাৱে দায়িত্বশীল আৰু দেশপ্রেমী নাগৰিকৰ প্ৰজন্মসমূহ গঢ় দি আহিছে। কেৰালাৰ ৱায়নাডত হোৱা বানৰ সময়ত বাহিনীটোৱে আগবঢ়োৱা সেৱাৰো তেওঁ ভূয়সী প্ৰশংসা কৰে। প্ৰাকৃতিক দুৰ্যোগত সাহায্য আগবঢ়োৱা, যুৱ চামৰ ভাৱ-বিনিময় অনুষ্ঠান, দুঃসাহসিক ক্রীড়া তথা পৰ্বতাৰোহণৰ দৰে ক্ষেত্ৰত ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ ভূমিকাৰ তেওঁ শলাগ লয়। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে চাইবাৰ আৰু ড্রোণ প্ৰযুক্তিৰ দৰে শেহতীয়া খণ্ডসমূহতো ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীয়ে লেখত ল’বলগীয়া অৰিহণা আগবঢ়াইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।