অপাৰেচন সিন্দূৰৰ গুৰুত্বৰ বিষয়ে বিশ্বক অৱগত কৰোৱাৰ উদ্দেশ্যে বহুদলীয় সংসদীয় প্রতিনিধি দলৰ বিশ্বৰ বিভিন্ন দেশ ভ্ৰমণ

অপাৰেচন সিন্দূৰৰ গুৰুত্বৰ বিষয়ে বিশ্বক অৱগত কৰোৱাৰ উদ্দেশ্যে জে ডি ইউৰ সাংসদ সঞ্জয় ঝাৰ নেতৃত্বৰ বহুদলীয় সংসদীয় প্রতিনিধি দলটো কালি বিয়লি জাপান ভ্রমণ সামৰি তিনিদিনীয়া ভ্রমণসূচীৰে দক্ষিণ কোৰিয়াৰ ছিউলত উপস্থিত হয়। এই ভ্রমণসূচীয়ে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ প্ৰতি ভাৰতৰ শূন্য সহনশীলতাৰ স্থিতি আগুৱাই নিয়াৰ প্ৰচেষ্টা সুদৃঢ় কৰিব। ভ্ৰমণ কালত প্রতিনিধি দলটোৱে দক্ষিণ কোৰিয়াৰ বিদেশ মন্ত্ৰ্যালয়ৰ জ্যেষ্ঠ বিষয়া, দেশখনৰ সাংসদ নেচনেল এচেম্বলিৰ বিশিষ্ট ব্যক্তি, আগশাৰীৰ চিন্তাবিদ আৰু সংবাদ জগতৰ জ্যেষ্ঠ প্রতিনিধিসকলৰ সৈতে আলোচনাত মিলিত হ’ব।
ইপিনে, ডি এম কেৰ সাংসদ কানিমোঝিৰ নেতৃত্বত ৰাছিয়ালৈ যোৱা বহুদলীয় প্রতিনিধি দলটোৱে কালি সকলো ধৰণৰ সন্ত্ৰাসবাদৰ প্ৰতি ভাৰতৰ শূন্য সহনশীলতাৰ নীতিৰ বিষয়ে নিজৰ স্থিতি স্পষ্ট কৰে। মস্কোত থকা ভাৰতীয় দূতাবাসত এখন যুটীয়া সংবাদমেলত সাংসদ কানিমোঝিয়ে কয়, যে পাকিস্তানৰ পৰা ভাৰতত অনুপ্ৰৱেশ কৰা সন্ত্ৰাসবাদীয়ে পেহেলগামৰ আক্ৰমণ সংঘটিত কৰিছে আৰু এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা সংগঠনটোক পাকিস্তানে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ৰক্ষণা-বেক্ষণা দিছে। তেওঁ কয়, যে ভাৰতে দায়িত্বশীলভাৱে এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিছে আৰু এই প্ৰত্যাক্ৰমনত অসামৰিক লোক আৰু সামৰিক ঘাটি সমূহৰ যাতে কোনো ক্ষয়ক্ষতি নহয় সেয়া সুনিশ্চিত কৰিছে।
শিৱসেনাৰ সাংসদ শ্রীকান্ত সিন্দে নেতৃত্বত সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ ইউ এ ইলৈ যোৱা আন এটা বহুদলীয় প্রতিনিধি দল দেশখনৰ ভ্ৰমণ সামৰি কংগোত উপস্থিত হৈছে। কংগোলৈ বুলি ৰাওনা হোৱাৰ পূৰ্বে দলটোৱে সন্ত্ৰাসবাদ বিৰোধী যুঁজত ভাৰতলৈ আগবঢ়োৱা অভূতপূৰ্ব সমর্থনৰ বাবে ইউ এ ইৰ নেতৃবৰ্গৰ শলাগ লয়।
বিজেপিৰ সাংসদ বৈজয়ন্ত পাণ্ডাৰ নেতৃত্বত আন এটা বহুদলীয় প্ৰতিনিধিৰ দল বাহৰেইনত উপস্থিত হৈছে। সাংসদ পাণ্ডা আৰু অন্যান্যসকলক বিমান বন্দৰত বাহৰেইনত থকা ভাৰতৰ ৰাষ্ট্রদূত বিনোদ কে জেকবে আদৰণি জনায়। এই প্রতিনিধি দলটোত আছে প্রাক্তন বিদেশ সচিব হর্ষবর্ধন শ্রিংলা, এ আই এম আই এমৰ সাংসদ আছাদুদ্দিন অ’ৱেইছি, ৰাজ্যসভাৰ সাংসদ ৰেখা শৰ্মা, জম্মু-কাশ্মীৰৰ প্ৰাক্তন মন্ত্ৰী গুলাম নবী আজাদ, ৰাজ্যসভাৰ সাংসদ স্যাম সিং সান্ধু, বিজেপিৰ সাংসদ ফাংগন কন্যাক আৰু বিজেপিৰ সাংসদ নিশিকান্ত ডুবে। ভ্রমণ কালত প্রতিনিধি দলটোৱে সীমান্তৰে চলা সন্ত্ৰাসবাদ সন্দৰ্ভত ভাৰতৰ স্থিতিৰ বিষয়ে আলোকপাত কৰিব। এই প্রতিনিধি দলটোৱে ছৌদি আৰব, কুৱেইৰ্ট আৰু আলজেৰিয়াও ভ্ৰমণ কৰিব।
ইফালে, বিজেপিৰ সাংসদ ৰবি শংকৰ প্ৰসাদৰ নেতৃত্বত গঠন কৰা সপ্তমটো বহুদলীয় প্রতিনিধি দল আজি ব্ৰিটেইন, ফ্রান্স, জার্মানী, ইউৰোপীয় সংঘ, ইটালী আৰু ডেনমার্ক ভ্রমণসূচীৰে স্বদেশৰ পৰা ৰাওনা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।