অপাৰেচন সিন্দুৰ সন্দৰ্ভত কৰা আপত্তিজনক মন্তব্যৰ বাবে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেক তীব্র সমালোচনা বিজেপিৰ

বিজেপিয়ে অপাৰেচন সিন্দুৰ সন্দৰ্ভত কৰা আপত্তিজনক মন্তব্যৰ বাবে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেক তীব্র সমালোচনা কৰিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত দলৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে কয়, যে শ্ৰী খাৰ্গেৰ মন্তব্য সঁচাকৈ গৰিহণাযোগ্য আৰু সশস্ত্র বাহিনীৰ প্ৰতি অপমানজনক। তেওঁ লগতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়েও পূৰ্বে এনেধৰণৰ মন্তব্য কৰা বুলি উল্লেখ কৰে।কালি কৰ্ণাটকৰ এটা অনুষ্ঠানত ভাষণ দি শ্ৰী খার্গেই পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ সামৰিক অভিযানৰ বিষয়ে উল্লেখ কৰি আপত্তিজনক মন্তব্য কৰা বুলি অভিযোগ উঠিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।