October 2, 2025 7:01 PM

views 57

মল্লিকার্জুন খাৰ্গেৰ সৈতে কথা পাতি স্বাস্থ্যৰ বুজ প্রধানমন্ত্ৰী মোদীৰ

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেৰ সৈতে কথা পাতে আৰু তেওঁৰ স্বাস্থ্যৰ বুজ লয়। প্রধানমন্ত্ৰীয়ে কংগ্ৰেছ নেতাগৰাকীৰ আশু আৰোগ্য কামনা কৰি তেওঁৰ সু-স্বাস্থ্য আৰু দীর্ঘ জীৱনৰ বাবে প্ৰাৰ্থনা কৰে৷

May 21, 2025 7:58 PM

views 27

অপাৰেচন সিন্দুৰ সন্দৰ্ভত কৰা আপত্তিজনক মন্তব্যৰ বাবে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেক তীব্র সমালোচনা বিজেপিৰ

বিজেপিয়ে অপাৰেচন সিন্দুৰ সন্দৰ্ভত কৰা আপত্তিজনক মন্তব্যৰ বাবে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেক তীব্র সমালোচনা কৰিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত দলৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে কয়, যে শ্ৰী খাৰ্গেৰ মন্তব্য সঁচাকৈ গৰিহণাযোগ্য আৰু সশস্ত্র বাহিনীৰ প্ৰতি অপমানজনক। তেওঁ লগতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়েও পূৰ্বে এনেধৰণৰ মন্তব্য কৰা বুলি উল্লেখ কৰে।কালি কৰ্ণাটকৰ এটা অনুষ্ঠানত ভাষণ দি শ্ৰী খার্গেই পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ সামৰিক অভিযানৰ বিষয়ে উল্লেখ কৰি আপত্তিজনক মন্তব...

June 6, 2024 8:26 PM

views 38

এন ডি আই মিত্রজোঁটে লোকসভাত সক্ৰিয় বিৰোধী ভূমিকা পালন কৰিব বুলি মল্লিকার্জুন খার্গেৰ প্ৰকাশ

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খার্গেই কয় যে আই এন ডি আই মিত্রজোঁটে লোকসভাত সক্ৰিয় বিৰোধী ভূমিকা পালন কৰিব। তেওঁলোকে জনসাধাৰণৰ ইচ্ছা-আকাংক্ষা বিজেপি চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত হোৱাত বাধা আৰোপ কৰাৰ বাবে উচিত সময়ত যথোচিত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি শ্ৰী খার্গেই প্রকাশ কৰে। তেওঁ কয় যে আই এন ডি আই মিত্ৰজোঁটে জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি ৰক্ষাৰ চেষ্টা কৰিব।