ডাউনলোড
মোবাইল এপ

android apple
signal

অপাৰেচন সিন্দুৰৰ অধীনত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজখনৰ বিষয়ে নির্বাচিত কিছুসংখ্যক দেশক জনাবৰ বাবে ৭ টা সর্বদলীয় প্রতিনিধি দল বিদেশলৈ ৰাওনা হ’ব বুলি কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৰ প্ৰকাশ

অপাৰেচন সিন্দুৰৰ অধীনত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সামুহিক যুঁজখন প্ৰতিফলিত কৰি এই বিষয়ে নির্বাচিত কিছুসংখ্যক দেশক জনাবৰ বাবে ৭ টা সর্বদলীয় প্রতিনিধি দলে সোনকালেই বিদেশলৈ ৰাওনা হ’ব বুলি কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰিজিজুৱে এই সর্বদলীয় প্রতিনিধি দলত অন্তর্ভুক্ত সাংসদ আৰু অনান্যসকলৰ তালিকা প্ৰকাশ কৰে। ৫৯ গৰাকী সদস্যক লৈ গঠন কৰা এই সাতটা দলে ৩২ খন দেশ ভ্রমণ কৰিব। প্ৰতিটো দলতে এজনকৈ অৱসৰপ্ৰাপ্ত কূটনীতিবিদ আছে।
বিজেপিৰ সাংসদ বৈজয়ন্ত পাণ্ডাই নেতৃত্ব দিবলগীয়া প্ৰথমটো দলে চৌদি আৰব, বাহৰেইন, কোৱেইট আৰু আলজেৰিয়া ভ্ৰমণ কৰিব। এইটো গোটত বর্ষিয়ান ৰাজনৈতিক গুলাম নবী আজাদ, বিজেপিৰ সাংসদ নিশিকান্ত ডুবে আৰু এই আই এম আই এমৰ সাংসদ আছাদুদ্দিন অৱেইছিকো অন্তৰ্ভুক্ত কৰা হৈছে। ব্রিটেইন, ফ্রান্স, জার্মানী, ইউৰোপীয়ান ইউনিয়ন, ইটালী আৰু ডেনমার্ক ভ্ৰমণলৈ যাবলগীয়া দ্বিতীয়টো দলক বিজেপিৰ সাংসদ ৰবিশংকৰ প্ৰসাদে নেতৃত্ব দিব। ইয়াত কংগ্ৰেছ সাংসদ ড০ অমৰ সিং, শিৱসেনা উদ্ধৱ গোটৰ সাংসদ প্ৰিয়ংকা চতুর্বেদী আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রী এম জে আকবৰ অন্তৰ্ভুক্ত হৈছে।

জে দি ইউৰ সাংসদ সঞ্জয় কুমাৰ ঝাৰ নেতৃত্বত তৃতীয়টো দল ইন্দোনেছিয়া, মালয়েছিয়া, দক্ষিণ কোৰিয়া, জাপান আৰু ছিংগাপুৰলৈ যাব। অন্যান্য সকলৰ লগতে এই গোটত আছে তৃণমূল কংগ্ৰেছৰ ইউছুফ পাথান, চিপি আই এমৰ জন ব্ৰিটাছ আৰু কংগ্ৰেছ নেতা ছলমান খুৰছিদ।
চতুৰ্থটো গোটত শিৱসেনাৰ সাংসদ শ্রীকান্ত একনাথ সিন্দেই নেতৃত্ব দিব আৰু এইটো গোটে সংযুক্ত আৰব আমিৰশ্বাহী, লাইবেৰিয়া, কংগো, ছিয়েৰা লিয়ন ভ্ৰমণ কৰিব। বিজেপিৰ বাঁসুৰি স্বৰাজ, বিজেডিৰ সস্মিত পাত্র, আই ইউ এম এলৰ সাংসদ, ই টি মহম্মদ বছিৰ আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রী এছ এছ আহলুৱালিয়াক এই গোটত অন্তৰ্ভুক্ত কৰা হৈছে।

কংগ্ৰেছ সাংসদ শশী থাৰুৰ নেতৃত্বৰ পঞ্চমটো গোটত জে এম এমৰ সাংসদ ছাৰফৰাজ আহমদ, এল জে পিৰ সাংসদ সম্ভৱী, টিডিপিৰ সাংসদ জি এম হৰিশ বালাযোগী আৰু শিৱসেনাৰ সাংসদ মুৰলী দেওৰাক অন্তৰ্ভুক্ত কৰা হৈছে। এইটো গোটে আমেৰিকা যুক্তৰাষ্ট্ৰ, পানামা, গায়ানা, ব্রাজিল, আৰু কলম্বিয়া ভ্ৰমণ কৰিব।

ষষ্ঠটো গোটক ডি এম কেৰ সাংসদ কানিমোঝি কৰুণানিধিয়ে নেতৃত্ব দিব। নেচনেল কনফাৰেন্সৰ সাংসদ মিয়ান আলতাফ আহমেদ, সমাজবাদী পাৰ্টীৰ সাংসদ ৰাজীৱ ৰায় আৰু আৰ জে দিৰ সাংসদ প্ৰেমচান্দ গুপ্তাও অন্তর্ভুক্ত এই গোটে স্পেইন, গ্ৰীছ, শ্ল’ভেনিয়া, লাটভিয়া আৰু ৰাছিয়া ভ্ৰমণ কৰিব৷
সপ্তম তথা অন্তিম গোটটোৰ নেতৃত্ব এন চি পিৰ শাৰদ পাৱাৰ গোটৰ সাংসদ সুপ্রিয়া ছুলেক দিয়া হৈছে। এই গোটত আছে বিজেপিৰ ৰাজীৱ প্ৰতাপ ৰুড়ি, বিজেপিৰ অনুৰাগ সিং ঠাকুৰ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ভি মুৰলীধৰণ আৰু কংগ্ৰেছ সাংসদ মনিশ তিৱাৰী। এইটো গোট ইজিপ্ত, কাটাৰ, ইথিওপিয়া আৰু দক্ষিণ আফ্ৰিকালৈ যাব।

অধিক পঢ়ক

সকলো চাওক