ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অনলাইন ট্রেডিং কেলেংকাৰী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ তত্বাৱধানত চি বি আইৰ তদন্ত দাবী বিৰোধী ঐক্য মঞ্চৰ

ৰাজ্যৰ বিৰোধী ঐক্যমঞ্চই অনলাইন ট্রেডিং কেলেংকাৰী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ তত্বাৱধানত চি বি আইৰ তদন্ত দাবী কৰিছে। আজি গুৱাহাটীত আয়োজিত এখন সংবাদমেলত বিৰোধী ঐক্যমঞ্চৰ নেতা লুণিজ্যোতি গগৈ, অজিত ভূঞা আৰু ৰকিবুল হুছেইনে এই দাবী উত্থাপন কৰে। নেতাকেইগৰাকীয়ে এই কেলেংকাৰীৰ অভিযোগত জড়িত থকা লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে সাধাৰণ ৰাইজে যাতে ধন ওভোতাই পায়, তাৰ বাবে প্রয়োজনীয় ব্যৱস্থা কৰিবলৈও দাবী জনাইছে। এই গোচৰত অভিযুক্তসকলক চৰকাৰে আতিথ্য প্ৰদান কৰা বুলিও তেওঁলোকে অভিযোগ উত্থাপন কৰে। ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে তদন্ত অব্যাহত ৰাখিছে।
ইপিনে, অনলাইন ট্রেডিং গোচৰৰ অভিযুক্ত চুমি বৰা আৰু তেওঁৰ স্বামী তার্কিক বৰাক ডিব্ৰুগড় আৰক্ষীয়ে জিম্মাত লোৱাৰ পাছত তেওঁলোকক সোধা-পোছা কৰি আছে। ইয়াৰ লগতে কালি গুৱাহাটী আৰক্ষীয়ে বৰঝাৰৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আন দুগৰাকী অবৈধ ধন লেনদেন কার্যৰ অভিযুক্ত মাইনাও ব্ৰহ্ম আৰু দীপাংকৰ ভট্টক গ্ৰেপ্তাৰ কৰি মুছলপুৰ আৰক্ষীয়ে সম্প্ৰতি নিজৰ জিম্মাত ৰাখি জেৰা অব্যাহত ৰাখিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।