অতুলনীয় কৰ্মৰাজিৰে দেশ তথা সমাজৰ কল্যাণৰ হকে জননেতা ভীমবৰ দেউৰীয়ে আগবঢ়োৱা অৱদানে প্রতিটো প্ৰজন্মক অনুপ্ৰেৰণা যোগাই যাব বুলি মন্ত্রী বিমল বৰাৰ উল্লেখ

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ পৃষ্ঠপোষকতাত সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ উদ্যোগত ডিব্ৰুগড় জিলাৰ কলৌলোৱা দেউৰী গাঁৱৰ উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি ৭৮ সংখ্যক জননেতা ভীমবৰ দেউৰী দিৱস পালন কৰা হয়। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা, ভৈয়াম জনজাতি কল্যাণ বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেগু আৰু শিক্ষাবিদ ড০ উপেন ৰাভা হাকাচামকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মন্ত্রী বিমল বৰাই তেওঁৰ ভাষণত অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ সৰ্বাঙ্গীন উন্নয়নৰ ক্ষেত্ৰত ভীমবৰ দেউৰীৰ অগ্রণী ভূমিকাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে জনসাধাৰণক নিজৰ অধিকাৰ সন্দৰ্ভত সজাগ কৰি ভীমবৰ দেউৰীয়ে তেওঁলোকৰ সামাজিক উত্তৰণৰ পথ প্রশস্ত কৰি গ’ল। অতুলনীয় কৰ্মৰাজিৰে দেশ তথা সমাজৰ কল্যাণৰ হকে জননেতাগৰাকীয়ে আগবঢ়োৱা অৱদানে প্রতিটো প্ৰজন্মক অনুপ্ৰেৰণা যোগাই যাব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

ধেমাজি জিলাতো আজি জননেতা ভীমবৰ দেউৰীৰ স্মৃতি দিৱস পালন কৰা হয়। ধেমাজি জিলা দেউৰী সাহিত্য সভা আৰু ধেমাজি নগৰ দেউৰী উন্নয়ন আৰু কল্যাণ সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে এই দিৱস অনুষ্ঠিত হয়। জিলাখনৰ তেলিজানৰ ভীমবৰ দেউৰী স্মৃতি ভৱনত আয়োজিত এই কাৰ্যসূচীত জননেতাগৰাকীৰ জীৱন আৰু কৰ্মৰাজি সন্দৰ্ভত এখন আলোচনা চক্র অনুষ্ঠিত হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।