November 30, 2025 7:33 PM

views 33

অতুলনীয় কৰ্মৰাজিৰে দেশ তথা সমাজৰ কল্যাণৰ হকে জননেতা ভীমবৰ দেউৰীয়ে আগবঢ়োৱা অৱদানে প্রতিটো প্ৰজন্মক অনুপ্ৰেৰণা যোগাই যাব বুলি মন্ত্রী বিমল বৰাৰ উল্লেখ

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ পৃষ্ঠপোষকতাত সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ উদ্যোগত ডিব্ৰুগড় জিলাৰ কলৌলোৱা দেউৰী গাঁৱৰ উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি ৭৮ সংখ্যক জননেতা ভীমবৰ দেউৰী দিৱস পালন কৰা হয়। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা, ভৈয়াম জনজাতি কল্যাণ বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেগু আৰু শিক্ষাবিদ ড০ উপেন ৰাভা হাকাচামকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মন্ত্রী বিমল বৰাই তেওঁৰ ভাষণত অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ সৰ্বাঙ্গীন উন্নয়নৰ ক্ষেত্ৰত ভীমবৰ দেউৰীৰ অগ্রণী ভ...