ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অংগনবাড়ী কেন্দ্ৰসমূহৰ সহাৱস্থানৰ নিৰ্দেশাৱলী উন্মোচন কেন্দ্রীয় মন্ত্রী ধর্মেন্দ্র প্রধান, অন্নপূর্ণা দেৱীৰ

■ কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধান আৰু কেন্দ্ৰীয় মহিলা তথা শিশু উন্নয়ন মন্ত্রী অন্নপূর্ণা দেৱীয়ে নতুন দিল্লীৰ বিজ্ঞান ভৱনত বিদ্যালয়সমূহৰ সৈতে অংগনবাড়ী কেন্দ্ৰসমূহৰ সহাৱস্থানৰ নিৰ্দেশাৱলী উন্মোচন কৰে। শ্ৰীপ্রধানে কয়, যে এই পদক্ষেপে প্ৰতিগৰাকী মাতৃ আৰু শিশুৰ যত্ন সুনিশ্চিত কৰাৰ লগতে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ সৈতে সংগতি ৰাখি শিক্ষণ পদ্ধতিৰ ভেঁটি সুনিশ্চিত কৰিব। তেওঁ লগতে কয়, যে নির্দেশনাৱলীত শিশুৰ অংগনবাড়ীৰ পৰা বিদ্যালয়লৈ পৰিৱৰ্তন, উন্নত স্বাস্থ্য আৰু পুষ্টি প্ৰাথমিক শিক্ষাৰ গতি ত্বৰান্বিত কৰাত গুৰুত্ব আৰোপ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে ঘোষণা কৰে যে, তিনি বছৰৰ ভিতৰত সমগ্ৰ দেশৰ প্ৰায় ২ লাখ বিদ্যালয় ব্রডব্ৰেণ্ড সেৱাৰ সৈতে সংযুক্ত হ’ব আৰু ইয়াৰ ফলত ডিজিটেল শিক্ষণ পদ্ধতিৰ উন্নয়ন সম্ভৱ হ’ব। শ্ৰীপ্ৰধানে জনসাধাৰণৰ অংশগ্ৰহণ আৰু নিপুন ভাৰত তথা পৰিপুষ্টিৰ লগতে শিক্ষাৰ দৰে পদক্ষেপসমূহৰ একত্ৰিকৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।