ৰাষ্ট্ৰীয় সামুদ্রিক দিৱস উপলক্ষে সামুদ্রিক সজাগতা ৱাকাথন মুকলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

● কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নতুন দিল্লীত ৬২ সংখ্যক ৰাষ্ট্ৰীয় সামুদ্রিক দিৱস উপলক্ষে সামুদ্রিক সজাগতা ৱাকাথন মুকলি কৰে। অনুষ্ঠানত ভাষণ দি শ্রী সোণোৱালে কয় যে দেশৰ জনসাধাৰণে ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত অৰিহণা যোগোৱা উচিত। তেওঁ লগতে কয়, যে ভাৰতক বিশ্বৰ ভিতৰতে উন্নত সামুদ্রিক শক্তি হিচাপে গঢ়ি তুলিবলৈ হ’লে যুৱচামে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। ভাৰতৰ সামুদ্রিক খণ্ড দেশৰ অৰ্থনীতিৰ এটা গুৰুত্বপূৰ্ণ স্তম্ভ বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।