মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী প্রেষ্টন টিনচঙে ইন্দোৰৰ যুৱক ৰাজা ৰঘুবংশীৰ হত্যাৰ সৈতে জড়িত থকা ৪ জন লোকক গ্ৰেপ্তাৰ কৰাৰ কথা নিশ্চিত কৰিছে। ৩০ বছৰীয়া ৰাজা ৰঘুবংশীক হত্যাৰ বাবে পত্নী সোনম ৰঘুবংশীয়ে হত্যাকাৰী ভাড়া কৰাৰ কথা স্বীকাৰ কৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰাৰ কিছুসময়ৰ পাছতে মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে এখন সংবাদমেলত কয়, যে আৰক্ষীয়ে এতিয়াও এই ঘটনাৰ সৈতে জড়িত বাকী থকা এজন লোকৰ সন্ধান অব্যাহত ৰাখিছে। তেওঁ কয়, যে গ্ৰেপ্তাৰ কৰা আটাইকেইজনকে অধিক তদন্তৰ বাবে শ্বিলঙলৈ অনা হ’ব। মেঘালয় অপৰাধৰ কেন্দ্ৰস্থললৈ পৰিণত হৈছে বুলি সংবাদ মাধ্যমে কৰা দাবীৰ সন্দৰ্ভত টিনচঙে দুখ প্ৰকাশ কৰি কয়, যে তেওঁলোকে এনে কাৰ্যৰ জৰিয়তে ৰাজ্যখনৰ প্ৰতিচ্ছবি বিনষ্ট কৰিলে। উপ মুখ্যমন্ত্ৰীগৰাকীয়ে সন্ধানহীন দম্পত্তিহালৰ উদ্ধাৰ অভিযানত অংশ লোৱা আৰক্ষী, চহৰা অঞ্চলৰ জনসাধাৰণ, বিশেষ তদন্তকাৰী গোট, এছ ডি আৰ এফ, এন ডি আৰ এফ, মাউণ্টেইনিয়াৰিং ক্লাৱ, টেক্সি চালক, সাংবাদিক তথা অন্যান্যসকলৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ মেঘালয় চৰকাৰে এই ঘটনাৰ তদন্ত তথা ৰাজা ৰঘুবংশীৰ হত্যাৰ কাৰণ বিচাৰি উলিয়াবলৈ প্ৰশাসনক সম্পূর্ণ স্বাধীনতা প্ৰদান কৰিব বুলি আশ্বাস দিয়ে। তেওঁ লগতে কয়, যে ৰাজ্যিক বিষয়াসকলৰ সৈতে গাওঁৰ কৰ্তৃপক্ষক বহিঃৰাজ্যৰ লোকসকলৰ মেঘালয়ত প্ৰৱেশ নিৰীক্ষণ আৰু তেওঁলোকৰ তথ্যপাতিসমূহ পৰীক্ষা কৰিবলৈ দায়িত্ব দিয়া হৈছে।
ইপিনে আৰক্ষী অধীক্ষক বিবেক ছিয়েমে ৰাজাক ২৩ মেত হত্যা কৰা হৈছিল আৰু সন্দেহযুক্ত হত্যাকাৰী কেইজন সেইদিনাই পলাই গৈছিল বুলি সদৰি কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, সোনম আৰু ৰাজ কুছৱাহা হৈছে এই ঘটনাৰ মূল অভিযুক্ত। উল্লেখযোগ্য যে ৰাজা ৰঘুবংশী আৰু সোনম যোৱা ১১ মে’ত মধ্য প্ৰদেশৰ ইন্দোৰত বিবাহপাশত আবদ্ধ হৈছিল ।
Site Admin | June 9, 2025 8:09 PM | 4 People Arrest
ৰাজা ৰঘুবংশীৰ হত্যাৰ সৈতে জড়িত ৪জন লোকক গ্ৰেপ্তাৰ কৰাৰ কথা নিশ্চিত
