২ দিনীয়াকৈ দক্ষিণ শালমাৰা মানকাচৰ জিলাত বিভিন্ন আঁচনি, উন্নয়নমূলক প্রকল্পৰ পৰ্যালোচনা মন্ত্ৰী কেশৱ মহন্তৰ

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই দুদিনীয়া কাৰ্যসূচীৰে জিলাখনত উপস্থিত হৈ বিভিন্ন চৰকাৰী আঁচনি, উন্নয়নমূলক প্রকল্প আদিৰ পৰ্যালোচনা কৰে।

মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্তৰ কার্যালয়ত কালি প্রশাসন আৰু বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়।

আজি জিলাখনত হ’বলগীয়া ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি জিলাখনত চলি থকা সকলো উন্নয়নমূলক কাম ক্ষিপ্ৰতাৰে কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।