March 23, 2025 6:41 PM

views 38

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ খাৰুৱাবান্ধাত বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ খাৰুৱাবান্ধাত নতুনকৈ নিৰ্মাণ কৰা এছ এম হাস্পতালত আজি বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰা হয়। পুৱাৰে পৰা হাস্পতালখনত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা বিশেষকৈ দৰিদ্ৰ ৰোগীসকলৰ স্বাস্থ্য পৰীক্ষাৰ বাবে হাস্পতালখনত ভিৰ পৰিলক্ষিত হয়। বিনামূলীয়া চিকিৎসা শিবিৰ জৰিয়তে ৰোগীসকলক স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰি ৰোগীৰ বিভিন্ন পৰীক্ষাৰ ক্ষেত্ৰত ৰেহাই মূল্যত পৰীক্ষাৰ কৰাৰ ব্যৱস্থা কৰা হৈছে।

December 18, 2024 10:22 AM

views 32

২ দিনীয়াকৈ দক্ষিণ শালমাৰা মানকাচৰ জিলাত বিভিন্ন আঁচনি, উন্নয়নমূলক প্রকল্পৰ পৰ্যালোচনা মন্ত্ৰী কেশৱ মহন্তৰ

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই দুদিনীয়া কাৰ্যসূচীৰে জিলাখনত উপস্থিত হৈ বিভিন্ন চৰকাৰী আঁচনি, উন্নয়নমূলক প্রকল্প আদিৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্তৰ কার্যালয়ত কালি প্রশাসন আৰু বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। আজি জিলাখনত হ'বলগীয়া ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি জিলাখনত চলি থকা সকলো উন্নয়নমূলক কাম ক্ষিপ্ৰতাৰে কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিয়ে।