প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২০ জুনত ওড়িশাত বিজেপি চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত গণ সভাত অংশগ্রহণ কৰিব। ভুৱনেশ্বৰৰ জনতা ময়দানত এই সমাৰোহৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচী সুচাৰুৰূপে আয়োজিত হোৱাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে ওড়িশা চৰকাৰে ওড়িশা প্ৰশাসনীয় সেৱাৰ ৬০ গৰাকী বিষয়াক দায়িত্ব অৰ্পন কৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে শেহতীয়া নতুন দিল্লী ভ্ৰমণকালত তেওঁৰ চৰকাৰৰ প্ৰথম বৰ্ষপূর্তি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্রী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাকে ধৰি অন্যান্য কেন্দ্রীয় মন্ত্ৰীসকল তথা বিজেপিৰ শীৰ্ষ পৰ্যায়ৰ নেতাক আনুষ্ঠানিকভাৱে আমন্ত্রণ জনায়।
Site Admin | June 11, 2025 6:07 PM | BJP | Narendra Modi X | Odisha | PM Modi | PMO
২০ জুনত ওড়িশাত বিজেপি চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে প্রধানমন্ত্ৰী মোদীয়ে আয়োজিত গণ সভাত অংশগ্রহণ কৰিব
