সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আজি মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্রকল্পত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ বাবে বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত মেধাৱী ছাত্ৰ- ছাত্ৰীসকলৰ উপৰি সংশ্লিষ্ট শিক্ষানুষ্ঠানৰ মুৰব্বীসকলক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানতে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ভাস্বত শইকীয়া আৰু ধৃতিৰাজ মিশ্ৰকো সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ ননীগোপাল মহন্ত আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক জিতেন হাজৰিকা মুখ্য অতিথি হিচাপে উপস্থিত থাকে।
Site Admin | June 3, 2025 8:10 PM | AASU | Akashvani | Akashvani Guwahati | HS Result | HSLC Result
হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক বিশেষ অভিনন্দন আছুৰ
