June 3, 2025 8:10 PM

views 74

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক বিশেষ অভিনন্দন আছুৰ

সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আজি মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্রকল্পত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ বাবে বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত মেধাৱী ছাত্ৰ- ছাত্ৰীসকলৰ উপৰি সংশ্লিষ্ট শিক্ষানুষ্ঠানৰ মুৰব্বীসকলক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানতে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ভাস্বত শ‍ইকীয়া আৰু ধৃতিৰাজ মিশ্ৰকো সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য ড০...

April 25, 2025 11:21 AM

views 29

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিক অস্বীকাৰ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ দ্বিতীয় মণ্ডলৰ অধীনত অনুষ্ঠিত এই বছৰৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল আজি অথবা এইকেইদিনত ঘোষণা হোৱাৰ সম্ভাৱনা আছে বুলি কেইবাটাও সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি পৰিষদে অস্বীকাৰ কৰিছে। পৰিষদৰ দ্বিতীয় মণ্ডলৰ পৰীক্ষা নিয়ন্ত্ৰক ৰঞ্জন কুমাৰ দাসে জনোৱা অনুসৰি এই পৰীক্ষাৰ ফলাফলৰ চূড়ান্ত পৰ্যায়ৰ পৰীক্ষণ কাৰ্য বৰ্তমান চলি আছে আৰু কেতবোৰ সংবাদ মাধ্যমত এই সম্পৰ্কত প্ৰকাশিত বাতৰি শুদ্ধ নহয়। পৰীক্ষাৰ্থী আৰু অভিভাৱকসকলক এনেধৰণৰ অকৰ্তৃত্বশীল বাতৰিৰ প্ৰতি কাণ নিদিবল...

May 18, 2024 10:06 PM

views 35

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ উত্তৰ বহী পুনৰীক্ষণৰ বাবে অনলাইনৰ জৰিয়তেহে আবেদন কৰিব লাগিব

♦উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ উত্তৰ বহী পুনৰীক্ষণৰ বাবে পৰীক্ষাৰ্থীসকলে অনলাইনৰ জৰিয়তেহে আবেদন জনাব পাৰিব। এই সন্দৰ্ভত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জাৰি কৰা এখন অধিসূচনা অনুসৰি উত্তৰ বহী পুনৰীক্ষণ কৰিবলৈ বিচৰা পৰীক্ষাৰ্থীসকলে অহা ২২ মে'ৰ বিয়লি ৫ বজা পর্যন্ত ahsec.assam.gov.inত অনলাইন আবেদন কৰিব পাৰিব। ইয়াৰ বাবে পৰীক্ষাৰ্থীসকলে মাছুলো অনলাইনযোগে আদায় কৰিব লাগিব।

May 9, 2024 6:46 PM

views 37

শীৰ্ষস্থান অবিহনে অসম উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল ঘোষণা

♦ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে। এইবাৰ শীৰ্ষস্থান অবিহনে এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। ফলাফল অনুসৰি কলা শাখাত ৮৯.১৮ শতাংশ, বিজ্ঞান শাখাত ৮৯.৮৮ শতাংশ, বাণিজ্য শাখাত ৮৭.৮০ শতাংশ আৰু বৃত্তিমুখী শাখাত ৮৫.৭৮ শতাংশ পৰিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰা মতে এইবেলি পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ২,৭৩,৯০৮ গৰাকী পৰিক্ষাৰ্থীৰ মাজৰ পৰা ২,৪২,৭৯৪ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। ফলাফল অনুসৰি কলা শাখ...

May 9, 2024 5:32 PM

views 42

চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা

♦ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে। সেই অনুসৰি কলা শাখাত ৮৮.২৪ শতাংশ, বিজ্ঞান শাখাত ৯০.২৯ শতাংশ, বাণিজ্য শাখাত ৮৮.২৮ শতাংশ আৰু বৃত্তিমুখী শাখাত ৮৫.৭৮ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰা মতে এইবেলি পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ২ লাখ ৭৩ হাজাৰ ৯০৮ গৰাকী পৰীক্ষাৰ্থীৰ মাজৰ পৰা ২ লাখ ৪২ হাজাৰ ৭৯৪ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। ফলাফল অনুসৰি কলা শাখাত মুঠ ৪১,১৩৩ গৰাকী প্ৰথম বিভাগত, ৬৬,৪০৮...

April 25, 2024 12:12 PM

views 43

অহা ৫ মে’ৰ ভিতৰত ২০২৪ বৰ্ষৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা

অহা ৫ মে'ৰ ভিতৰত ২০২৪ বৰ্ষৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব । শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই কথা প্ৰকাশ কৰিছে। এইবাৰ ৰাজ্যৰ ৮৭৬টা কেন্দ্ৰত অনুষ্ঠিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত মুঠ ২ লাখ ৮০ হাজাৰ ২১৬ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে ১ লাখ ৩৭ হাজাৰ ৪৮৪ জন ছাত্ৰ আৰু ১ লাখ ৪২ হাজাৰ ৭৩২ গৰাকী ছাত্রী। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ এটা সূত্ৰই প্ৰকাশ কৰা মতে, এই বেলি ফলাফলৰ ক্ষেত্ৰত ষ্টেণ্ড বা স্থান লাভৰ ব্যৱস্থা উঠাই দিয়া নিদিয়া সম...