কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে আজি শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰ তৈল ক্ষেত্ৰৰ অধীনৰ ১৪৭ নম্বৰ ৰীগত বিগত কেইবাদিনো ধৰি হৈ থকা গেছ নিৰ্গমন ৰোধ কৰাৰ বাবে তেল আৰু প্ৰাকৃতিক গেছ নিগমে চলাই থকা প্ৰচেষ্টাৰ বুজ লয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ বিভিন্ন কেন্দ্ৰৰ পৰা বিশেষজ্ঞ লোকসকলক অনা হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উচ্চ ক্ষমতা সম্পন্ন পাম্প ব্যৱহাৰ কৰা হৈছে। তেওঁ লগতে কয়, যে অ’ এন জি চিৰ বিষয়াসকল আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞসকলৰ সৈতে নিৰন্তৰ যোগাযোগত আছে। অঞ্চলটোত জুই ৰোধ কৰা আৰু পৰিৱেশ শীতল কৰি ৰখাৰ বাবে অহৰহ পাম্পেৰে পানীৰ এটা আৱৰণ সৃষ্টি কৰা হৈছে। ৰীগটোৰ কাষৰীয়া অঞ্চলত বাস কৰা লোকসকলক স্থানান্তৰিত কৰা হৈছে আৰু তেওঁলোকক সকলো ধৰণৰ সাহায্য প্ৰদান কৰা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
Site Admin | June 17, 2025 9:11 PM | Assam Oil- Hardeep Singh Puri
শিৱসাগৰত বিগত কেইবাদিনো ধৰি হৈ থকা গেছ নিৰ্গমনৰ বুজ ল’লে মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে
