June 17, 2025 9:11 PM

views 12

শিৱসাগৰত বিগত কেইবাদিনো ধৰি হৈ থকা গেছ নিৰ্গমনৰ বুজ ল’লে মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে

কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে আজি শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰ তৈল ক্ষেত্ৰৰ অধীনৰ ১৪৭ নম্বৰ ৰীগত বিগত কেইবাদিনো ধৰি হৈ থকা গেছ নিৰ্গমন ৰোধ কৰাৰ বাবে তেল আৰু প্ৰাকৃতিক গেছ নিগমে চলাই থকা প্ৰচেষ্টাৰ বুজ লয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ বিভিন্ন কেন্দ্ৰৰ পৰা বিশেষজ্ঞ লোকসকলক অনা হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উচ্চ ক্ষমতা সম্পন্ন পাম্প ব্যৱহাৰ কৰা হৈছে। তেওঁ লগতে কয়, যে অ' এন জি চিৰ বিষয়াসক...