ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ সম্পূৰ্ণ হোৱা উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত মাঙ্গলিক কাৰ্যসূচীৰ আয়োজন

শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ আজি এমাহ সম্পূৰ্ণ হোৱা উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত মাঙ্গলিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। শিল্পীগৰাকীৰ সোণাপুৰৰ কমাৰকুছিৰ সমাধিক্ষেত্ৰত আজি ডিমৰীয়াবাসী ৰাইজে গীতা পাঠ, সংকীর্তন, সর্বধর্ম প্ৰাৰ্থনাৰ লগতে এশগৰাকী নামতী দলে নাম-প্রসংগ আৰু এশগৰাকী বাঁহীবাদকে শ্রদ্ধাঞ্জলি জনায়। নিশালৈ ভাওনা পৰিবেশনৰ ব্যৱস্থা কৰা হৈছে। বৃহত্তৰ বৰপেটা সমাজ, গুৱাহাটীৰ উদ্যোগত লতাশিল খেলপথাৰত জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ উপলক্ষে ১২ ঘণ্টীয়া অখণ্ড থিয় নাম পৰিবেশন কৰা হয়। গুৱাহাটী মহানগৰীৰ কাহিলীপাৰাৰ ফৰেনচিক বিজ্ঞানাগাৰৰ খেলপথাৰত জুবিন গাৰ্গৰ স্মৃতিত ৰাজহুৱা শ্রদ্ধাঞ্জলি আৰু সর্বধৰ্ম প্ৰাৰ্থনাৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীতে ভাস্কর্য শিল্পী নুৰুদ্দিন আহমেদে নিৰ্মাণ কৰা শিল্পীগৰাকীৰ ১০ ফুট উচ্চতাৰ এটা প্রতিমূর্তি উন্মোচন কৰা হয়।

জুবিন গাৰ্গৰ বিয়োগৰ এমাহ উপলক্ষে আজি ওদালগুৰি জিলাত দাপোন দা মিৰৰ, টংলা আৰু টংলা জুবিন গাৰ্গ ফেন ক্লাবৰ সহযোগত শ্রদ্ধাঞ্জলি তথা স্মৃতিসৌধ উন্মোচন অনুষ্ঠানৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীৰ অংশ হিচাপে আজি পুৱা শিল্পীগৰাকীৰ চিতাভস্ম কুলশী নৈত বৈদিক নীতি-নিয়মেৰে বিসর্জন দিয়া হয়।

গোৱালপাৰা জিলাত বিজেপিৰ জিলা কাৰ্যালয়ত শিল্পীগৰাকীক লৈ শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। বঙাইগাওঁ জিলাৰ সন্যাসী পাহাৰত শিল্পী জুবিন গাৰ্গৰ স্মৃতিত এটা সাংস্কৃতিক কলাক্ষেত্ৰ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে আজি সাংবাদিকৰ আগত এইকথা প্রকাশ কৰি কয় যে এই সাংস্কৃতিক কলাক্ষেত্ৰত শিল্পীগৰাকীৰ ১৫ ফুট ওখ ব্ৰঞ্জৰ প্ৰতিমূর্তি স্থাপন কৰাৰ উপৰি ইয়াক কলা সংস্কৃতিৰ চৰ্চাকেন্দ্ৰ হিচাপে গঢ়ি তোলা হ’ব। প্রায় ১০ কোটি টকা ব্যসাপেক্ষে নির্মাণ কৰিবলৈ লোৱা এই সাংস্কৃতিক কলাক্ষেত্ৰৰ বাবে স্থানীয় ৰাইজেও দান বৰঙণি আগবঢ়াব বুলি তেওঁ উল্লেখ কৰে।

তামুলপুৰ জিলাৰ কুমাৰিকাটাত চাৰিখন গাঁওৰ ৰাইজে মিলি জুবিন গাৰ্গৰ স্মৃতিত এহেজাৰ ছশ গছপুলি ৰোপণ কৰে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জিলাখনৰ ঘগ্ৰাচুকত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি দিনযোৰা অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থা, গৰিয়া মৰিয়া দেশীয় জাতীয় পৰিষদ আৰু কোচ ৰাজবংশী ছাত্ৰ সন্থাই অংশগ্ৰহণ কৰে।

মৰিগাওঁ জিলাৰ বঙালধৰাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত বঙালধৰা তিনিআলিতো আজি জুবিন চ’ক নামেৰে নামকৰণ কৰা হয়। ধৰমতুল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যুগান্ত মেধীয়ে জুবিন চ’কৰ নাম ফলকখন ফিটা কাটি উদ্বোধন কৰে। কাচাৰ জিলাৰ বিভিন্ন স্থানতো শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। নিষ্ঠা সংগীত প্ৰতিষ্ঠানৰ উদ্যোগত বদৰপুৰ ঘাটত মৰমৰ জুবিন দা শীর্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়।

মাজুলীৰ মুদৈবিল বৰনামঘৰত আজি দিনযোৰা কাৰ্যসূচীৰে জুবিন গাৰ্গৰ মাহেকীয়া তিথি পালন কৰা হয়। বিশ্বনাথ জিলাৰ গহপুৰত অভিনেতা ববী শর্মাই শিল্পীগৰাকীৰ প্রতিমূর্তি উন্মোচন কৰে। এই কাৰ্যসূচীটো অৰণ্য মানৱ হিচাপে খ্যাত যাদৱ পায়েঙে গছপুলি ৰোপণ কৰে। হোজাই জিলাৰ ২ নম্বৰ কাকি চাৰিআলিৰ সমীপত জুবিন গাৰ্গৰ এঘাৰ ফুট উচ্চতাৰ এটা পূর্ণাংগ প্রতিমূর্তি উন্মোচন কৰা হয়। অনুষ্ঠানত জাতি ধর্ম নির্বিশেষে সাংস্কৃতিক কার্যসূচী অনুষ্ঠিত হয়।

ইপিনে, জুবিন গাৰ্গৰ মৃত্যুত বলিউদকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ শিল্পী তথা জনসাধাৰণে প্রতিক্রিয়া ব্যক্তি কৰিছে। শিল্পীগৰাকীৰ অনন্য প্ৰতিভাৰ কথা উল্লেখ কৰি বলিউদৰ কণ্ঠশিল্পী তথা সংগীত পৰিচালক বিশাল দাদলানীয়ে জুবিন গাৰ্গৰ প্ৰতিভা চিনি পোৱাত বলিউড ব্যর্থ হোৱা বুলি প্রকাশ কৰে। কাইলৈ ইটানগৰত হবলগীয়া এটা অনুষ্ঠানত তেওঁ জুবিন গাৰ্গৰ নামত এটি গীত গাব বুলিও প্রকাশ কৰে।