শাৰদীয় দুর্গা পূজালৈ মাজত মাত্ৰ এটা দিন বাকী

শাৰদীয় দুর্গা পূজালৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি উলহ-মালহৰ পৰিবেশে বিৰাজ কৰিছে। কালি দুপৰীয়া ভাগৰে পৰা বতৰ কিছু ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ মাজত উৎসাহৰ সঞ্চাৰ হৈছে। কালি নৱৰাত্ৰিৰ চতুৰ্থ দিনা দেৱী দুৰ্গাক কুষ্মাণ্ডা ৰূপত পূজা কৰা হয়। দেৱীৰ এই ৰূপে সুস্বাস্থ্য, ইতিবাচক শক্তি আৰু প্ৰাণোচ্ছল জীৱনৰ বাবে প্ৰেৰণা দিয়ে বুলি বিশ্বাস কৰা হয় ৷
আনহাতে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিকূল বতৰকো নেওচি পূজাৰ প্ৰস্তুতি অব্যাহত আছে। গুৱাহাটী মহানগৰীৰ পূজা মণ্ডপসমূহ সজাই তোলাৰ বাবে আয়োজকসকল ব্যস্ত হৈ পৰিছে। মহানগৰীত স্বচ্ছ দুৰ্গা পূজা প্রতিযোগিতা সন্দৰ্ভত আজি পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই উজান বজাৰত থকা গুৱাহাটী পৌৰ নিগমৰ কার্যালয়ত এখন সংবাদমেল সম্বোধন কৰিব।
ইপিনে, ৰাজ্য চৰকাৰে দ্বিতীয়বাৰলৈ বিভিন্ন জিলাৰ পুৰণি দুৰ্গা পূজা সমিতিসমূহক আর্থিক সাহায্য প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে। সেই অনুসৰি প্ৰতিখন জিলাত আয়ুক্তসকলে প্ৰস্তুত কৰা তালিকাৰ ভিত্তিত বেংক একাউণ্টৰ জৰিয়তে এই ধনৰাশি মোকলাই দিয়া হ’ব।
ইফালে, ৰাজ্য চৰকাৰে চাহ বাগিচাৰ শ্ৰমিক-কৰ্মচাৰীসকলক ২০ শতাংশ পূজাৰ বনাচ আগবঢ়াবলৈ সিদ্ধান্ত লৈছে ৷ ইয়াৰ দ্বাৰা ৰাজ্যৰ ৮ শতাধিক চাহ বাগিচাৰ ১০ লাখৰো অধিক শ্রমিক-কৰ্মচাৰী উপকৃত হ’ব। এই বনাচ আদায়ৰ বাবে ৰাজ্য চৰকাৰে ৭৮ কোটিৰো অধিক টকা ব্যয় কৰিব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।