লোকসভাত কালি দুর্যোগ ব্যৱস্থাপনা সংশোধনী বিধেয়ক ২০২৪ গৃহীত হয়। এই বিধেয়কখনে দুর্যোগ ব্যৱস্থাপনা আইন ২০০৫ৰ সংশোধন কৰি ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, এন ডি এম এ আৰু ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, এছ ডি এম এৰ কাম-কাজসমূহ অধিক সূচল কৰি তুলিব। এই বিধেয়কখনে ৰাষ্ট্ৰীয় কাৰ্যবাহী সমিতি আৰু ৰাজ্যিক কাৰ্যবাহী সমিতিৰ পৰিৱৰ্তে এন ডি এম এ আৰু এছ ডি এম এক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত দুর্যোগ ব্যৱস্থাপনা আঁচনি প্ৰস্তুত কৰাৰ অধিকাৰ প্ৰদান কৰিছে। তাৰোপৰি বিধেয়কখনৰ জৰিয়তে ৰাজ্যৰ ৰাজধানী আৰু পৌৰ নিগম থকা চহৰসমূহৰ বাবে ৰাজ্য চৰকাৰক এখন পৃথক নগৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ গঠনৰ অধিকাৰ প্ৰদানৰো ব্যৱস্থা কৰা হৈছে।
বিধেয়কখন সন্দৰ্ভত এটা প্ৰশ্নৰ উত্তৰ দি গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে কয়, যে এই বিধেয়কখনে দুর্যোগ প্রশমন আৰু সঠিক প্ৰস্তুতি গঢ়ি তোলা হৈছে নে নাই সেয়াও সুনিশ্চিত কৰিব। বিধেয়কখনে লগতে প্ৰাধিকৰণৰ দায়িত্ব আৰু কৰ্তব্যসমূহ স্পষ্ট কৰি দিছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
Site Admin | December 13, 2024 10:18 AM | Disaster Management (Amendment) Bill
লোকসভাত দুর্যোগ ব্যৱস্থাপনা সংশোধনী বিধেয়ক ২০২৪ গৃহীত
