ডাউনলোড
মোবাইল এপ

android apple
signal

মস্কোত উপস্থিত ডি এম কেৰ সাংসদ কানিমোঝি কৰুণানিধিৰ নেতৃত্বাধীন দল

পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্রাসবাদী কার্যকলাপক উদঙাই দিয়াৰ উদ্দেশ্যৰে ভাৰতে বিশ্বৰ বিভিন্ন দেশলৈ প্ৰেৰণ কৰা ৭ টা প্ৰতিনিধি দলৰ মাজৰ ডি এম কেৰ সাংসদ কানিমোঝি কৰুণানিধিৰ নেতৃত্বাধীন দলটো আজি মস্কোত উপস্থিত হয়। সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবতৰাত শ্ৰীমতী কৰুণানিধিয়ে, ৰাছিয়াক ভাৰতৰ কৌশলগত সহযোগী দেশ বুলি অভিহিত কৰি কয়, যে কূটনৈতিক বিষয় আৰু বাণিজ্যৰ ক্ষেত্ৰত উভয় দেশেই একেলগে কাম কৰি আহিছে। ভাৰতবৰ্ষ সততে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ কবলত পৰা বিষয়টো সন্দৰ্ভত ৰাছিয়াক অৱগত কৰোৱাটো গুৰুত্বপূৰ্ণ বুলি তেওঁ মতপ্রকাশ কৰে।
কানিমোঝি কৰুণানিধিৰ নেতৃত্বাধীন বহুদলীয় প্রতিনিধি দলটোৱে তেওঁলোকৰ ভ্ৰমণৰ পৰৱৰ্তী পৰ্যায়ত স্পেইন, গ্ৰীচ, শ্লোভেনিয়া আৰু লাটভিয়া ভ্ৰমণ কৰিব।
জে ডি ইউৰ সাংসদ সঞ্জয় ঝাৰ নেতৃত্বত যোৱা আন এটা দলে ইতিমধ্যে জাপানৰ টকিঅ’ত ব্ৰাজিল, অষ্ট্ৰেলিয়া, কলম্বিয়া, গ্ৰীচ আৰু দক্ষিণ কোৰিয়াৰ ৰাষ্ট্রদূত আৰু কূটনীতিবিদসকলৰ সৈতে আলোচনা কৰে। এই আলোচনাৰ সময়ত শ্ৰী ঝাই তেওঁলোকক অৱগত কৰায় যে, সমগ্ৰ বিশ্বত সংঘটিত সন্ত্রাসবাদী কার্যকলাপসমূহৰ সৈতে কিবা নহয় কিবা প্ৰকাৰে পাকিস্তান জড়িত হৈ থকাটো সম্প্ৰতি নিয়মীয়া হৈ পৰিছে। ভাৰতীয় নাগৰিকৰ যিকোনো ধৰণৰ হানি-বিঘিনি হ’লে ভাৰতে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিবই বুলিও তেওঁ লগতে প্ৰকাশ কৰে।
ইয়াৰ পূৰ্বে ভাৰতৰ বহুদলীয় প্রতিনিধি দলটোৱে টকিঅ’ত জাপানৰ বৈদেশিক মন্ত্রী টাকেশ্বি ইৱায়াক সাক্ষাৎ কৰি সন্ত্ৰাসবাদ বিৰোধী যুঁজখনৰ বাবে জাপানৰ সহযোগিতা বিচাৰে। তেওঁলোকৰ বৈঠকৰ সময়ত জাপানৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহতসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে এই আক্ৰমণত আহতসকলৰ প্ৰতিও সহমর্মিতা প্রকাশ কৰে। সন্ত্ৰাসবাদক কোনো কাৰণতেই যুক্তিসংগত হিচাপে আখ্যা দিব নোৱাৰি বুলি মত প্ৰকাশ কৰি তেওঁ সন্ত্ৰাসবাদবিৰোধী যুঁজত জাপান সদায়েই ভাৰত তথা সমগ্র বিশ্বৰ সৈতে একেলগ হৈ আছে বুলিও ন-দি কয়। টকিঅ’ত থকা সময়ছোৱাত ভাৰতীয় প্ৰতিনিধি দলটোৱে জাপানৰ ভূতপূর্ব প্রধানমন্ত্রী য়োশ্বিহিদে ছুগা আৰু দেশখনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় সংসদীয় সমিতিৰ অধ্যক্ষ টাকাশ্বি এণ্ডোকো সাক্ষাৎ কৰি যিকোনো ধৰণৰ সন্ত্ৰাসবাদক উৎখাত কৰাৰ হকে ভাৰতৰ সংকল্পবদ্ধতাক দোহাৰে ৷ শিৱসেনাৰ সাংসদ ড০ শ্রীকান্ত সিন্দেৰ নেতৃত্বৰ আন এটা উচ্চস্তৰীয় সৰ্বদলীয় প্রতিনিধি দল কালি আবুধাবিত উপস্থিত হয় গৈ। ৪খন ৰাষ্ট্ৰক সামৰি ল’বলগীয়া এই ভ্ৰমণৰ আৰম্ভণিত তেওঁলোকে সংযুক্ত আৰব আমীৰি ৰাষ্ট্ৰৰ নেতৃত্ব আৰু সংবাদ মাধ্যমৰ সৈতে মত-বিনিময় কৰি সন্ত্ৰাসবাদৰ ক্ষেত্ৰত ভাৰতৰ শূন্য সহনশীলতাৰ বিষয়ে দোহাৰে। উল্লেখযোগ্য যে, পাকিস্তানৰ পৃষ্ঠপোষকতাত চলা সন্ত্রাসবাদী কার্যকলাপৰ বিষয়ে সমগ্ৰ বিশ্বৰ অৱগত কৰোৱাৰ উদ্দেশ্যে গঠন কৰা ভাৰতৰ আন চাৰিটা বহুদলীয় প্রতিনিধি দল শীঘ্ৰেই ভিন ভিন দেশ অভিমুখে ৰাওনা হ’ব।

অধিক পঢ়ক

সকলো চাওক